চেমচাঙে পেৰিছত অনুষ্ঠিত গেলেক্সি আনপেকড ইভেণ্টত গেলেক্সি বাডছ৩ আৰু বাডছ৩ প্ৰ’ৰ সমান্তৰালভাৱে গেলেক্সি জেড ফল্ড৬ আৰু গেলাক্সি জেড ফ্লিপ৬ মুকলি কৰিছে। নতুন ভাঁজ কৰিব পৰা এই ফোনকেইটাই মোবাইল এআইক উন্নীত কৰি নতুন মাত্ৰা প্ৰদান কৰিছে, লগতে নিজৰ বহুমুখী ফৰ্ম ফেক্টৰৰ জৰিয়তে যোগাযোগ, উৎপাদনশীলতা আৰু সৃষ্টিশীলতা বৃদ্ধি কৰিছে।

চেমচাং ইলেক্ট্ৰনিকছৰ মোবাইল অভিজ্ঞতা ব্যৱসায়ৰ অধ্যক্ষ তথা মুৰব্বী টি এম ৰোহে কয় যে, “আমাৰ ফল্ডেবল মোবাইলসমূহে প্ৰতিজন ব্যৱহাৰকাৰীৰ অনন্য প্ৰয়োজনীয়তা পূৰণ কৰিছে আৰু এতিয়া গেলেক্সি এআইৰ শক্তিৰ দ্বাৰা বৰ্ধিত চেমচাঙৰ সুবিধাসমূহে পূৰ্বে কেতিয়াও লাভ নকৰা অভিজ্ঞতা প্ৰদান কৰিছে।”

গেলেক্সি জেড ফল্ড৬ আৰু জেড ফ্লিপ৬ ছিৰিজৰ আটাইতকৈ পাতল আৰু লঘু মোবাইল, ইয়াত বহনক্ষমতা বৃদ্ধিৰ বাবে বৰ্ধিত আৰ্মৰ এলুমিনিয়াম আৰু কৰ্নিং গৰিলা গ্লাছ ভিক্টাছ ২ লগোৱা হৈছে। দুয়োটা ডিভাইচ গেলেক্সিৰ বাবে স্নেপড্ৰেগন® ৮ জেন ৩ মোবাইল প্লেটফৰ্মৰ দ্বাৰা চালিত হয়, ইয়াত শীৰ্ষ-স্তৰৰ চিপিইউ জিপিইউ আৰু এনপিইউ পৰিৱেশন প্ৰদান কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *