ভাৰতৰ আগশাৰীৰ গ্ৰাহক ইলেক্ট্ৰনিকছ ব্ৰেণ্ড চেমচাঙে দেশত এক উদ্ভাৱন পৰিৱেশ তন্ত্ৰ গঢ়ি তোলাৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা ধ্বজাবাহী চিএছআৰ পদক্ষেপ – ‘ছলভ ফৰ টুমৰু’ৰ বাবে চৰ্টলিষ্ট কৰি ১০০টা দলৰ তালিকা ঘোষণা কৰিছে। এই সংক্ষিপ্ত তালিকাত ‘স্কুল’ আৰু ‘যুৱ’ ট্ৰেকৰ বাবে ৫০টাকৈ দল অন্তৰ্ভুক্ত কৰা হৈছে যিসকলে আহি থকা দিনত ৰাষ্ট্ৰীয় শিক্ষা আৰু উদ্ভাৱন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব। এইবাৰ প্ৰতিযোগিতাখনে আঞ্চলিক পৰ্যায়ত চৰ্টলিষ্ট কৰিছে, সেই অনুসৰি ওড়িশাৰ খুৰদা, অসমৰ কামৰূপ গ্ৰাম্য জিলাৰ কাচৰান্দ, গুজৰাটৰ আমৰেলি আদি ক্ষুদ্ৰ চহৰ-গাঁৱৰ নতুন প্ৰজন্মৰ ভাৰতীয় উদ্ভাৱকসকলৰ কাষ চাপিবলৈ সক্ষম হৈছে। ‘পৰিৱেশ আৰু বহনক্ষমতা’ৰ ওপৰত গুৰুত্ব আৰোপ কৰি যুৱ ট্ৰেকৰ অধীনত শীৰ্ষ ৫০টা অগতানুগতিক আৰু ভৱিষ্যদৰ্শী ধাৰণা-বনাঞ্চল ধ্বংস, প্লাষ্টিক আৱৰ্জনা ব্যৱস্থাপনা, সাগৰীয় প্ৰদূষণ, কাৰ্বন নিৰ্গমন, অবহনযোগ্য পেকেজিং আৰু পানীৰ দুৰ্বল ব্যৱস্থাপনাৰ দৰে বিষয়সমূহৰ ওপৰত সৰ্বাধিক গুৰুত্ব আৰোপ কৰা হৈছে। চলিত জুলাই মাহৰ মাজভাগৰ পৰা আৰম্ভ হ’বলগীয়া আঞ্চলিক ৰাউণ্ডৰ বাবে প্ৰস্তুতি চলাবলৈ ১০০টা দলৰ ২৩২জন অংশগ্ৰহণকাৰীয়ে বিশেষজ্ঞৰ প্ৰশিক্ষণ আৰু মেণ্টৰিঙৰ জৰিয়তে উপস্থাপন আৰু যোগাযোগৰ দক্ষতা বৃদ্ধি কৰি ‘ছলভ ফৰ টুমৰু’ প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি চলাইছে। চেমচাঙৰ দক্ষিণ-পশ্চিম এছিয়াৰ কৰ্পৰেট খণ্ডৰ উপাধ্যক্ষ এছ পি চুনে কয় যে, “আমি সঁচাকৈয়ে প্ৰকৃতাৰ্থত যুগান্তকাৰী ধাৰণা লাভ কৰিছোঁ আৰু যুৱ সমাজৰ পৰা এনে উপস্থাপন আৰু চিন্তাৰ স্পষ্টতা আজিৰ দিনত অবিশ্বাস্যভাৱে প্ৰেৰণাদায়ক।” ‘স্কুল’ ট্ৰেকে মানসিক ৰোগ, সমাজত এলজিবিটিকিউ সম্প্ৰদায়ৰ বৈষম্য, ডিজিটেল সাক্ষৰতাৰ ব্যৱধান আৰু শৈক্ষিক আৰু কাৰিকৰী দক্ষতাৰ মাজত নিয়োগৰ বাবে সাজু ব্যৱধান আদিৰ দৰে সম্প্ৰদায় আৰু সামগ্ৰিক বিষয়সমূহৰ বাবে উদ্ভাৱনীমূলক সমাধানৰ প্ৰস্তাৱ আগবঢ়াইছিল। Share this:FacebookX Related Post navigation টাটা মটৰ্ছে ২২৯,৮৯১ ইউনিটবিক্ৰী শীৰ্ষত থকা ৰমবল কিউ1এফৱাই25 প্ৰতিবেদন কৰিছে Nexon.ev-এ ভাৰত-এনচিএপিৰ দ্বাৰা লাভ কৰিলে ৫-ষ্টাৰ