চেমচাঙে শেহতীয়াকৈ ঘোষণা কৰিছে যে ১০ জুলাইত অনুষ্ঠিত হ’বলগীয়া গ্লবেল অনুষ্ঠানত নেক্সট জেনেৰেচন গেলেক্সি জেড ছিৰিজৰ স্মাৰ্টফোন আৰু ইক’চিষ্টেম ডিভাইচ মুকলি কৰা হ’ব। গেলেক্সি আনপেকড ইভেণ্ট পেৰিছত আয়োজিত হ’ব —আইকনিক সাংস্কৃতিক সম্ভাৰ আৰু ট্ৰেণ্ডৰ অভিকেন্দ্ৰ পেৰিছত আমাৰ শেহতীয়া অত্যাধুনিক উদ্ভাৱনসমূহ মুকলিৰ বাবে নিখুঁত পটভূমি ৰূপে বিবেচিত হৈছে, এক বিবৃতিত এইদৰে কয় চেমচাঙে। ইয়াৰ লগতে কোৱা হৈছে যে চেমচাঙৰ গ্ৰাহকসকলে এতিয়া নেক্সট গেলেক্সি জেড ছিৰিজৰ ফল্ডেবল স্মাৰ্টফোনসমূহ প্ৰি-ৰিজাৰ্ভ কৰি আগতীয়াকৈ ব্যৱহাৰ-গৰাকী আৰু বিশেষ অফাৰৰ সুবিধা লাভ কৰিব পাৰিব। গ্ৰাহকসকলে Samsung.com, চেমচাং এক্সক্লুছিভ ষ্ট’ৰ, Amazon.in, Flipkart.com আৰু সমগ্ৰ ভাৰতৰ আগশাৰীৰ খুচুৰা বিপণীসমূহত ২০০০ টকাৰ বিনিময়ত নেক্সট গেলেক্সি জেড ছিৰিজৰ ফোল্ডেবল স্মাৰ্টফোন প্ৰি-ৰিজাৰ্ভ কৰিব পাৰিব। নেক্সট গেলেক্সি জেড ছিৰিজৰ স্মাৰ্টফোন প্ৰি-ৰিজাৰ্ভ কৰা গ্ৰাহকসকলে এই ফোন ক্ৰয় কৰিলে ৭০০০ টকা পৰ্যন্ত সুবিধা লাভ কৰিব। “গেলেক্সি এআইৰ পৰৱৰ্তী অনন্য ৰূপ আহি আছে। এতিয়া শেহতীয়া গেলেক্সি জেড ছিৰিজ আৰু সমগ্ৰ গেলেক্সি পৰিৱেশ তন্ত্ৰত সোমাই পৰা গেলেক্সি এআইৰ শক্তি অন্বেষণ কৰিবলৈ সাজু হওক। আমি মোবাইল এআইৰ নতুন পৰ্যায়ত প্ৰৱেশ কৰাৰ লগে লগে সম্ভাৱনাৰ জগতখনৰ বাবে সাজু হওক।’-কোম্পানীটোৱে লগতে এইদৰে কয়। Share this:FacebookX Related Post navigation ১.১ মিলিয়ন বাহন ৰপ্তানিৰ মাইলৰ খুঁটি অৰ্জন নিছান মটৰ ইণ্ডিয়াৰ বানত বিধ্বস্ত বোকাখাত