ভাৰতৰ সৰ্ববৃহৎ ইলেক্ট্ৰনিকছ ব্ৰেণ্ড চেমচাঙে এআইক অধিক গণতান্ত্ৰিক কৰি তোলাৰ লগতে গ্ৰাহকৰ বাবে নিজৰ সামগ্ৰীসমূহ অধিক সুলভ কৰি তোলাৰ লক্ষ্যৰে নিজৰ বেচপক এআই চালিত ডিজিটেল সঁজুলিসমূহৰ প্ৰমচনেল লেনদেন মুকলি কৰিছে। চেমচাঙৰ নতুন ৰেঞ্জৰ বেচপ’ক সঁজুলিসমূহে কাম বা কাৰ্যসমূহ সুশৃংখলিত কৰিবলৈ এআইক নিৰৱচ্ছিন্নভাৱে একত্ৰিত কৰি স্মাৰ্ট লিভিং সক্ষম কৰি তোলে, যাৰ ফলত ব্যৱহাৰকাৰীসকলে নিজৰ জীৱনত অধিক অৰ্থপূৰ্ণ সাধনা বা প্ৰয়োগৰ বাবে অধিক সময় আহৰণ কৰিব পাৰে, যি “ডু লেছ, লাইভ মৰ”ৰ নীতি-নিয়মৰ সৈতে নিখুঁতভাৱে সংগতি ৰাখে। চেমচাঙে ২০২৪ৰ ৫-১৪ জুলাইলৈ বেচপক এআই চালিত ডিজিটেল এপ্লায়েন্স ৰেঞ্জত ‘বেচপ’ক এআই ডে’জ’ আগবঢ়াইছে, এই অফাৰৰ সময়ছোৱাত ভাৰতীয় পৰিয়ালসমূহে স্মাৰ্ট হোম তৈয়াৰ কৰিব পাৰিব আৰু Samsung.com অথবা আগশাৰীৰ খুচুৰা বিপণী আৰু অনলাইন প্লেটফৰ্মৰ জৰিয়তে দেশজুৰি গ্ৰাহকৰ বাবে নিশ্চিত সুবিধা লাভ কৰিব পাৰিব। এই বেচপক এআই-চালিত সঁজুলি বা সামগ্ৰীসমূহে ব্যৱহাৰকাৰীসকলক ছেটিংছ ব্যক্তিগতকৰণ কৰিবলৈ সক্ষম কৰি তোলে, লগতে সকলো বয়সৰ বাবে ব্যৱহাৰকাৰী-বন্ধুত্বপূৰ্ণ নিয়ন্ত্ৰণৰ সুবিধা প্ৰদান কৰে। ইয়াৰ লগতে অনুকূল কাৰ্যকৰীকৰণৰ বাবে তৎক্ষণাত নিদান প্ৰদান কৰে। চেমচাং ইণ্ডিয়াৰ ডিজিটেল এপ্লায়েন্স শাখাৰ জ্যেষ্ঠ সঞ্চালক সৌৰভ বৈশাখিয়াই এই বিষয়ে কয় যে, “বেচপ’ক এআইৰ জৰিয়তে চেমচাঙে প্ৰিমিয়াম গ্ল’বেল প্ৰযুক্তিক ভাৰতীয় গ্ৰাহকৰ বাবে সুলভ কৰি তুলিছে।” চেমচাঙৰ ‘বেচপ’ক এআই ডে’জে’গ্ৰাহকসকলক ২০,০০০ টকা পৰ্যন্ত কেছবেক আৰু এআই চালিত ডিজিটেল সঁজুলিত শূন্য ডাউন পেমেণ্টৰ সুবিধা প্ৰদান কৰে। ইকোবাবল ৱাশ্বিং মেচিন ক্ৰয় কৰিলে ৯,০০০ টকাৰ কেছবেক লাভ কৰিব, আনহাতে বেচপক এআই মাইক্ৰৱেভ অভেন ক্ৰয় কৰিলে ১২,০০০ টকাপৰ্যন্ত কেছবেক লাভ কৰিব পাৰে। Share this:FacebookX Related Post navigation টিআইইটিয়ে এনভিআইডিআইএৰ সৈতে কাৰিকৰী সহযোগিতাত এআই-সক্ষম বিশ্ববিদ্যালয় স্থাপন কৰি ভাৰতত উচ্চ শিক্ষাৰ পুনৰ সংজ্ঞা প্ৰদান কৰে ২৬ জুলাইৰ পৰা অনুষ্ঠিত হ’ব পেৰিছ অলিম্পিক