অভিলেখ ষষ্ঠ ফিফা বিশ্বকাপ খেলিবলৈ সাজু ফুটবলাৰ ক্রিষ্টিয়ানো ৰোনাল্ডোৱে৷ কেৰিয়াৰ ষষ্ঠ ফিফা বিশ্বকাপ খেলিব বাবে তেওঁ এইবাৰ ক্লাব বিশ্বকাপত প্ৰতিদ্বন্দিতা নকৰিলে। তেওঁ কয় যে এইটো তেওঁৰ বাবে দীঘলীয়া ছিজন আৰু তেওঁ জিৰণি লৈ নিজকে ফিট আৰু ফ্ৰেছ কৰি ৰাখিব বিচাৰে। অহা বছৰৰ ফিফা বিশ্বকাপৰ সময়লৈকে ৰ’নাল্ডৰ বয়স হ’ব ৪১ বছৰ।তেওঁৰ চৌদি আৰৱৰ ক্লাব আল নাছৰে পোষ্ট কৰা ইনষ্টাগ্ৰাম ভিডিঅ’ত ৰোনাল্ডোৱে কয় যে ক্লাব বিশ্বকাপত খেলিবলৈ মোৰ কিছু অফাৰ আছিল যদিও মই ভাবো ইয়াৰ কোনো যুক্তি নাই কাৰণ মই ভালদৰে জিৰণি লোৱা আৰু ভালদৰে প্ৰস্তুত হোৱাটো ভাল পাওঁ। এই ছিজনটো বহুত দীঘলীয়া হ’ব কাৰণ ছিজনৰ শেষত বিশ্বকাপ অনুষ্ঠিত হ’ব। আল নাছৰৰ সৈতে দুবছৰৰ বাবে চুক্তিবদ্ধ হোৱাৰ পিছত তেওঁ কয় যে মই কেৱল আল নাছৰৰ বাবেই নহয়, ৰাষ্ট্ৰীয় দলৰ বাবেও সাজু হ’ব বিচাৰো। ৪০ বছৰীয়া ৰোনাল্ডোৱে তিনি সপ্তাহ পূৰ্বে স্পেইনৰ বিৰুদ্ধে পেনাল্টি শ্বুটআউটত জয়লাভ কৰি পৰ্তুগালক নেচনছ লীগৰ ট্ৰফী জয় কৰাত সহায় কৰিছিল। Share this:FacebookX Related Post navigation ভাৰতৰ বিৰুদ্ধে প্ৰথম টেষ্টত ইংলেণ্ডৰ জয়লাভ