ৰাজস্থান ৰয়েলছ (আৰ আৰ)ৰ অধিনায়ক সঞ্জু চেমছন ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আইপিএল) ২০২৫ৰ প্ৰথম তিনিটি মেচ খেলিব নোৱাৰিব। ৰাজস্থানে তেওঁলোকৰ আইপিএল অভিযানৰ আৰম্ভণি ২৩ মাৰ্চত হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত বিগত সংস্কৰণৰ ফাইনালিষ্ট ছানৰাইজাৰ হায়দৰাবাদৰ বিৰুদ্ধে কৰিব। সঞ্জুৰ অনুপস্থিতিত দলৰ অধিনায়কৰ দায়িত্ব ৰিয়ান পৰাগে গ্ৰহণ কৰিব।ৰাজস্থান ৰয়েলছৰ অধিনায়ক আৰু উইকেটকিপাৰ বেছমেন সঞ্জুৱে ইংলণ্ডৰ বিৰুদ্ধে টি২০ খেলৰ সময়ত আঙুলিত আঘাত পাইছিল। চেম্পিয়ছ ট্রফীৰ আগতে তেওঁৰ ছাৰ্জাৰী কৰিছিল।

ভাৰতীয় ক্ৰিকেট কন্ট্ৰোল ব’ৰ্ড (বিচিচিআই) এতিয়ালৈকে তেওঁক উইকেটকিপিংৰ বাবে ক্লীন চিট দিয়া নাই। ছেমছনৰ অনুপস্থিতিত ৰিয়ান পৰাগে প্ৰথম চেম্পিয়ন দলৰ অধিনায়কৰ ভূমিকা গ্রহণ কৰিব। তেওঁ ইয়াৰ সৈতে কোনো ফ্ৰেঞ্চাইজিৰ অধিনায়ক গ্রহণ কৰা আটাইতকৈ কম বয়সৰ ক্ৰিকেটৰ হৈ পৰিব। যিহেতু চেমছন এতিয়া আৰম্ভণিৰ খেলত খেলিবলৈ সুযোগ নাপাব সেয়ে ধ্ৰুৱ জুৰেলক দলৰ উইকেটকিপাৰৰূপে নিৰ্বাচিত কৰিব পাৰে। জুৰেলক ফ্ৰেঞ্চাইজি ১৪ কোটি টকাত ৰিটেইন কৰি লৈছে। দলে আন কোনো উইকেটকিপাৰ-বেটমেন নাই।

মন কৰিব, ৰাজস্থান ৰয়েলছ নিজৰ অভিযানৰ প্ৰথম খেলত ২৩ মাৰ্চত হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত পেট কামিন্সৰ নেতৃত্বাধীন ছানৰাইজাৰছ হায়দৰাবাদ (এছ আৰ এইচ)ৰ মুখামুখি হ’ব। ৰাজস্থান ৰয়েলছৰ দলত আছে: সেঞ্জু চেমছন, যশস্বী জয়স্বাল, চিমৰণ হেটমায়াৰ, শুভম ডুবে, বৈভৱ সূৰ্যৱংশী, নিটীশ ৰানা, ৰিয়ান পৰাগ, যুদ্ধভীৰ সিংহ, জোফ্ৰা অৰ্চাৰ, ৱানিন্দু হাচৰঞ্জা, মহীশ তীক্ষ্ণা, সন্দীপ শর্মা, তুষাৰ দেশপাণ্ডে, কুমাৰ কাৰ্তিকেয়, ফজলহক ফাৰুকী, আকাশ মধৱাল, ধ্ৰুৱ জুৰেল।

Leave a Reply

Your email address will not be published. Required fields are marked *