ইউক্ৰেইনৰ সৈতে চলি থকা যুদ্ধৰ মাজতে ৰাছিয়াৰ সামৰিক চোৰাংচোৱা সংস্থাৰ এজন উপ-মুৰব্বীৰ ওপৰত আজি মস্কোত সংঘটিত হয় আক্ৰমণৰ ঘটনা। চোৰাংচোৱা সংস্থাৰ প্ৰথম উপ-প্ৰধান লেফটেনেণ্ট জেনেৰেল ভ্লাদিমিৰ আলেকচিভক উত্তৰ-পশ্চিম মস্কোৰ এটা আৱাসিক গৃহত এজন অচিনাক্ত দুষ্কৃতিকাৰীয়ে লক্ষ্য কৰি কেইবাজাইও গুলীবৰ্ষণ কৰে। এই ঘটনাত গুৰুতৰভাৱে আহত হোৱা আলেকচিভক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰা হৈছে।

ৰাছিয়াৰ ব্যৱসায়িক দৈনিক ‘কোমাৰচাণ্ট’ৰ বাতৰি অনুসৰি, এজন ডেলিভাৰী বয়ৰ বেশত অহা আক্ৰমণকাৰীয়ে জেনেৰেলগৰাকীক তেওঁৰ আৱাসগৃহৰ চিৰিত দুবাৰকৈ গুলীয়াই ভৰি আৰু হাতত আঘাতপ্ৰাপ্ত কৰে। আলেকচিভে বন্দুকটো কাঢ়ি ল’বলৈ চেষ্টা কৰাৰ সময়তে দুষ্কৃতিকাৰীয়ে তেওঁৰ বুকুত পুনৰ গুলীবৰ্ষণ কৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰে।

উল্লেখ্য যে, ২০১১ চনৰ পৰা ৰাছিয়াৰ সামৰিক চোৰাংচোৱা সংস্থা জিআৰইউৰ গুৰুত্বপূৰ্ণ পদত থকা আলেকচিভ ছিৰিয়াৰ সামৰিক অভিযানত লোৱা ভূমিকাৰ বাবে ‘হিৰো অৱ ৰাছিয়া’ সন্মানেৰে বিভূষিত হৈছিল।

এই চাঞ্চল্য্যকৰ আক্ৰমণৰ পাছতে ৰাছিয়াৰ বৈদেশিক মন্ত্ৰী চাৰ্গে লাভৰভে ইয়াক ইউক্ৰেইনৰ এক “সন্ত্ৰাসবাদী কাৰ্য” বুলি অভিহিত কৰিছে। তেওঁৰ মতে, শান্তি আলোচনা ব্যৰ্থ কৰাৰ উদ্দেশ্যে এই আক্ৰমণ সংঘটিত কৰা হৈছে। উল্লেখযোগ্য যে, এই আক্ৰমণৰ ঠিক এদিন পূৰ্বে আবুধাবিত ৰাছিয়া, ইউক্ৰেইন আৰু আমেৰিকাৰ মাজত যুদ্ধ সমাপ্তিৰ বাবে দুদিনীয়া বৈঠক সম্পন্ন হৈছিল।

ক্ৰেমলিনৰ মুখপাত্ৰ ডিমিট্ৰি পেস্কোভৰ মতে, ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক সমগ্ৰ ঘটনাৰ বিষয়ে অৱগত কৰা হৈছে। ২০২২ চনত যুদ্ধ আৰম্ভ হোৱাৰ পৰাই ৰাছিয়াৰ কেইবাজনো শীৰ্ষ সামৰিক বিষয়াক লক্ষ্য কৰি লোৱা হৈছে। ইয়াৰ পূৰ্বে ডিচেম্বৰ মাহত লেফটেনেণ্ট জেনেৰেল ফানিল চাৰভাৰভ আৰু এপ্ৰিল মাহত লেফটেনেণ্ট জেনেৰেল ইয়াৰোশ্লাভ মস্কালিককো বোমা বিস্ফোৰণৰ জৰিয়তে হত্যা কৰা হৈছিল। শেহতীয়া এই গুলীবৰ্ষণৰ ঘটনাক কেন্দ্ৰ কৰি মস্কোত ব্যাপক চাঞ্চল্যই বিৰাজ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *