শিলিগুৰিত আয়োজিত ৰোজগাৰ মেলা ২.০ৰ শুভাৰম্ভণিৰ দিনটোত হাজাৰ হাজাৰ নিবনুৱা যুৱক-যুৱতীয়ে অংশগ্ৰহণ কৰে, সমগ্ৰ ভাৰতৰ ৬০+তকৈও অধিক আগশাৰীৰ কোম্পানীয়ে নিযুক্তি অভিযান আৰম্ভ কৰাৰ লগে লগে অভূতপূৰ্ব সঁহাৰি লাভ কৰে। বেংকিং, আইটি, উৎপাদন, পৰ্যটন, বিমান পৰিবহণ আৰু স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত ১০,০০০ৰো অধিক সুযোগ উপলব্ধ হৈছে। দাৰ্জিলিং ৱেলফেয়াৰ ছচায়িটীয়ে আয়োজন কৰা এই মেগা জব মেলাত উত্তৰ বংগ, পাহাৰীয়া অঞ্চল আৰু চুবুৰীয়া জিলাসমূহৰ প্ৰতিভাসম্পন্ন যুৱক-যুৱতীক আকৰ্ষিত কৰিছে। নিযুক্তি বা চাকৰি আগবঢ়োৱা কোম্পানীসমূহৰ ভিতৰত আছিল এইচডিএফচি, এক্সিছ বেংক, বন্ধন বেংক, হিৰো মট’কৰ্প, মহিন্দ্ৰা এণ্ড মহিন্দ্ৰা, টাটা ইলেক্ট্ৰনিক্স, তাজ গ্ৰুপ, আইটিচি, ইণ্ডিগট এয়াৰলাইনছ, এপ’ল’ হাস্পতালৰ লগতে সমগ্ৰ ভাৰত আৰু আঞ্চলিক নিযুক্তি প্ৰদান কৰা আন কেইবাটাও নিয়োগকৰ্তা। এই বছৰ নিযুক্তি অভিযানত ১০০% ব্যক্তিগতভাৱে নিযুক্তি প্ৰক্ৰিয়াৰ ব্যৱস্থা কৰা হৈছিল। উদ্বোধনী দিনিটোৰ সফলতাৰ বিষয়ে উল্লেখ কৰি ৰাজ্যসভাৰ সাংসদ তথা দাৰ্জিলিং ৱেলফেয়াৰ ছচায়িটীৰ সভাপতি হৰ্ষবৰ্ধন শৃংলাই কয় যে, “প্ৰথম দিনৰ সঁহাৰিয়ে প্ৰমাণ কৰে যে, আমাৰ অঞ্চলৰ যুৱক-যুৱতীসকলে সক্ৰিয়ভাৱে গঠনমূলক আৰু বিশ্বাসযোগ্য পথৰ অন্বেষণ কৰি আছে।”

সাংসদ ছমিক ভট্টাচাৰ্যই ৰোজগাৰ মেলা ২.০ৰ পৰিসৰ আৰু দৃষ্টিভংগীৰ ভূয়সী প্ৰশংসা কৰে।  তেওঁ ৰাষ্ট্ৰীয় সাহ সম্পৰ্ক প্ৰমুখ ৰাম লালৰ সৈতে দাৰ্জিলিং ৱেলফেয়াৰ ছচায়িটীক এনে এখন মঞ্চ প্ৰদান কৰাৰ বাবে ধন্যবাদ জনায়, যি দক্ষতা আৰু সুযোগৰ মাজত প্ৰকৃতাৰ্থত সংযোগ স্থাপন কৰিছে।  ৰাম লালে নিজৰ অভিমত ব্যক্ত কৰি কয় যে, ”এই পদক্ষেপ প্ৰধানমন্ত্ৰীৰ এক ভাৰত শ্ৰেষ্ঠ ভাৰত আৰু বিকশিত ভাৰত ২০৪৭ৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখে আৰু নিযুক্তি আৰু দক্ষতা বৃদ্ধিৰ জৰিয়তে যুৱক-যুৱতীসকলক উন্নীত কৰাৰ বাবে এক সৰ্বভাৰতীয় দৃষ্টিভংগীৰ প্ৰয়োজন।” আনহাতে, ভাৰ্চুৱেল সম্বোধনত এমএছএমই, শ্ৰম আৰু নিয়োগ বিভাগৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী শোভা কৰন্দলাজে উল্লেখ কৰে যে, ”ৰোজগাৰ মেলা ২.০-এ প্ৰতিভাধৰসকলক সুযোগৰ সৈতে কাৰ্যকৰীভাৱে সংযোগ কৰি আছে, যি পশ্চিম বংগৰ ওপৰত বৰ্ধিত উদ্যোগৰ আত্মবিশ্বাস প্ৰতিফলিত কৰে আৰু ভাৰত চৰকাৰৰ বিকশিত ভাৰত অভিযানৰ লক্ষ্যক সমৰ্থন কৰে।” 

সাংসদ জয়ন্ত কুমাৰ ৰয়েও এই অনুষ্ঠানত অংশগ্ৰহণ কৰে। ৰোজগাৰ মেলা ২.০ৰ প্ৰথম দিনটো একাধিক পৰ্যায়ৰ স্ক্ৰীনিং, সাক্ষাৎকাৰৰ জৰিয়তে সমাপ্ত হৈছিল আৰু নিযুক্তিৰ দিনা বহুজনক চাকৰিৰ প্ৰস্তাৱ আগবঢ়োৱা হৈছিল। প্ৰতিষ্ঠানসমূহে নিজৰ নিজৰ নিযুক্তি অভিযান অব্যাহত ৰখাৰ ফলত দ্বিতীয় দিনাও অধিক যুৱক-যুৱতীৰ উপস্থিতিৰ সম্ভাৱনা আছে।

Leave a Reply

Your email address will not be published. Required fields are marked *