ইছলামধৰ্মী লোকসকলৰ পবিত্ৰ ৰমজান মাহ ২ মাৰ্চ অৰ্থাৎ কাইলৈৰ পৰা আৰম্ভ হ’ব। এই মাহটোত ইছলাম ধৰ্মালম্বী লোকসকলে গোটেই দিনটো পানী এটুপিও নোখোৱাকৈ থাকে।প্ৰাক-পুৱা আহাৰ (চেহৰি) গ্ৰহণ আৰু নেদেখাজনক আৰাধনা কৰাৰ পাছত দিনটোৰ বাবে তেওঁলোকৰ উপবাস আৰম্ভ হয়। যাৰ বাবে এই মাহটোত উপবাস বা ৰোজা ৰখাসকলে স্বাস্থ্যৰ বিশেষ যত্ন ৰখাটো প্ৰয়োজন।ৰাতিপুৱা আহাৰত তৰল সামগ্ৰী খোৱাৰ লগতে ৰসাল ফল খাব লাগে। তদুপৰি, শক্তিৰ স্তৰ বৃদ্ধি কৰিবলৈ আপোনাৰ ৰাতিপুৱাৰ আহাৰত নাৰিকল পানী অন্তৰ্ভুক্ত কৰিব।নিমখ গ্ৰহণ সীমিত কৰিব। কিয়নো, অত্যাধিক নিমখ গ্ৰহণে উপবাস কৰাটো কঠিন কৰি তুলিব পাৰে।এইকেইটা দিনত উপাসনাৰ লগতে পৰ্যাপ্ত টোপনি যাব। অন্যথা, আপুনি এলাহ আৰু চাপ অনুভৱ কৰিব পাৰে। Share this:FacebookX Related Post navigation ২০৩০ত ভাৰতৰ পেঞ্চন এইউএম ১১৮ ট্ৰিলিয়ন টকালৈ বৃদ্ধি পাব বুলি ভৱিষ্যদ্বাণী ডিএছপি পেঞ্চন ফাণ্ড মেনেজাৰৰ ২৭বছৰীয়া এজন যুৱকৰ পেটৰ পৰা যি ওলাল…