বিংগো! তেধে মেধেই বাংলা ৰক সংগীতৰ ৫০ বছৰ উদযাপন কৰি ‘ৰকাঞ্জলি’ নামৰ শীৰ্ষ সংগীতটো মুকলিৰে এই দুৰ্গা পূজাত সংগীত ক্ষেত্ৰখনক নতুন মাত্ৰা প্ৰদান কৰিছে। কিংবদন্তি সংগীতজ্ঞ সিদ্ধাৰ্থ শংকৰ ৰয় (সিদ্ধু), অভিজিত বৰ্মন (পোটা), গৌৰৱ চেটাৰ্জী (গাবু) আৰু অনিন্দ্য চেটাৰ্জীৰ কণ্ঠেৰে জীপাল গীতটোৱে শেহতীয়া ট্ৰেণ্ড ধৰি ৰাখি বাংলা সাংস্কৃতিক তাৎপৰ্য আৰু ৰক সংগীতলৈ শ্ৰদ্ধা নিবদিছে। এই গীতটো মুকলিৰ বাহিৰেও বিংগো! তেধে মেধেই আয়োজন কৰা ‘ৰকাঞ্জলি’ প্ৰতিযোগিতাত ১২০ জনৰো অধিক কলেজীয়া ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে, এইসকলৰ মাজৰ শীৰ্ষ ১৫ গৰাকী প্ৰতিযোগীয়ে কলকাতাৰ প্ৰধান দুৰ্গা পূজা মণ্ডপসমূহত অনুষ্ঠান পৰিৱেশন কৰিবলৈ সাজু হৈছে। ইফালে, দ্ৰুত গতিত বিস্তাৰিত শিলিগুৰিৰ যুৱ প্ৰজন্মৰ সংস্কৃতিৰ সৈতে এই অভিযানে যথেষ্ট আগ্ৰহ দেখুওৱাৰ সম্ভাৱনা আছে। শেহতীয়া ট্ৰেণ্ডৰ বাবে এক আঞ্চলিক শক্তিক্ষেত্ৰ হিচাপে শিলিগুৰিৰ জীৱন্ত ফেষ্টিভ পৰিৱেশে ইয়াক এনে সংগীত-থিমযুক্ত প্ৰচাৰৰ বাবে এক আদৰ্শ স্থান কৰি তুলিছে, যিয়ে সংগীতপ্ৰেমীসকলক নতুন অভিজ্ঞতা আৰু সোৱাদ প্ৰদান কৰি নৱৰস প্ৰদান কৰিব। আইটিচি ফুডছৰ স্নেকছ, নুডলছ আৰু পাস্তা খণ্ডৰ ভিপি তথা বিপণন বিভাগৰ মুৰব্বী সুৰেশ চান্দে এই বিষয়ে কয় যে, “‘ৰকাঞ্জলি’ৰ জৰিয়তে আমি কেৱল বাংলা ৰক সংগীতক সন্মান জনোৱাই নহয়, সমান্তৰালভাৱে পৰৱৰ্তী প্ৰজন্মৰ সংগীতপ্ৰেমীৰ সৈতেও সংযোগ স্থাপনৰ প্ৰয়াস কিৰিছোঁ। Share this:FacebookX Related Post navigation বিএছএ মটৰচাইকেলে উত্তৰ-পূৰ্বাঞ্চলত প্ৰথম গোল্ড ষ্টাৰ ৬৫০আৰম্ভ কৰে ভিৰ ই-ক্ৰীড়া প্ৰতিযোগিতাৰ বৈশিষ্ট্য হৈছে কল অৱ ডিউটি: আইএমচিত মোবাইল ফাইনেল