ভাৰতত সংঘটিত বেছিভাগ পথ দুৰ্ঘটনাৰ বাবে মানুহৰ আচৰণ আৰু সুৰক্ষা বিধিৰ প্ৰতি থকা অৱজ্ঞাই দায়ী। বৃহস্পতিবাৰে লোকসভাত এই মন্তব্য কৰে কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে। তেওঁ জনোৱা মতে, দেশত প্ৰতি বছৰে প্ৰায় ৫ লাখ পথ দুৰ্ঘটনা সংঘটিত হয়, য’ত ১.৮০ লাখ লোকে প্ৰাণ হেৰুৱায়। ইয়াৰে বেছিভাগেই ১৮ ৰ পৰা ৩৪ বছৰ বয়সৰ যুৱক-যুৱতী। গাডকাৰীয়ে শোক প্ৰকাশ কৰি কয় যে যুদ্ধ বা ক’ভিড মহামাৰীতকৈও পথ দুৰ্ঘটনাত অধিক লোকৰ মৃত্যু হৈছে। তেওঁ সংসদৰ প্ৰতিগৰাকী সদস্যক নিজ নিজ সমষ্টিত পথ সুৰক্ষা অভিযান চলাবলৈ আহ্বান জনায়। লগতে অধ্যক্ষ ওম বিৰলাক এই গুৰুত্বপূৰ্ণ বিষয়টোৰ ওপৰত এক সুকীয়া আলোচনাৰ ব্যৱস্থা কৰিবলৈ অনুৰোধ জনায়, যাতে সাংসদসকলৰ পৰা গুৰুত্বপূৰ্ণ পৰামৰ্শ লাভ কৰিব পৰা যায়। চৰকাৰে পথ দুৰ্ঘটনা ৰোধ কৰিবলৈ কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে যে যিগৰাকী ব্যক্তিয়ে দুৰ্ঘটনাত পতিত লোকক হাস্পতাললৈ লৈ যাব, তেওঁক ২৫,০০০ টকা পুৰস্কাৰ দিয়া হ’ব আৰু তেওঁক ‘ৰাহ-বীৰ’ আখ্যা দিয়া হ’ব। ইয়াৰ উপৰিও দুৰ্ঘটনাগ্ৰস্ত লোকৰ ৭ দিনীয়া চিকিৎসাৰ বাবে চৰকাৰে ১.৫০ লাখ টকালৈকে ব্যয় বহন কৰিব। সমগ্ৰ দেশতে চিহ্নিত ৭,০০০ টা দুৰ্ঘটনপ্ৰৱণ স্থান মেৰামতিৰ বাবে চৰকাৰে ৪০,০০০ কোটি টকা আৱন্টন দিছে। Share this:FacebookX Related Post navigation দিল্লীত বিষাক্ত বায়ুৰ প্ৰাদুৰ্ভাৱ “জহান্নামলৈ যাওক সেই মহিলা” – হিজাব বিতৰ্কত গিৰিৰাজ সিঙৰ বিস্ফোৰক মন্তব্যক লৈ তোলপাৰ