বিশ্বৰ শিল্প আৰু সাংস্কৃতিক পৰিৱেশক ন ৰূপত গঢ় দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদানৰ এক যুগান্তকাৰী পদক্ষেপ ৰূপে বেদান্ত গ্ৰুপৰ প্ৰতিষ্ঠাপক তথা অধ্যক্ষ অনিল আগৰৱালে লণ্ডনৰ ঐতিহ্যমণ্ডিত ৰিভাৰচাইড ষ্টুডিঅ’ৰ দায়িত্ব গ্ৰহণ কৰিছে। লণ্ডন চহৰৰ টেমছ নৈৰ উত্তৰ পাৰত অৱস্থিত এই ১০০ বছৰীয়া ষ্টুডিঅ’টোক ‘অনিল আগৰৱাল ৰিভাৰচাইড ষ্টুডিঅ’ ট্ৰাষ্ট’ নামেৰে নতুনকৈ নামকৰণ কৰা হৈছে আৰু কলাত্মক ৰং-ৰূপ প্ৰকাশৰ এক বিশ্বব্যাপী কেন্দ্ৰ হিচাপে পৰিগণিত হ’ব। এই ষ্টুডিঅ’ৰ সমৃদ্ধ সময়ছোৱাত এই স্থানতে দ্য বিটলছ, ডেভিদ ব’ৱি, ডেভিদ হকনীৰ দৰে কিংবদন্তিসকলে নিজৰ চাপ বহুৱাই গৈছে। ৰিভাৰচাইড ষ্টুডিঅ’ক ভাৰতীয় আৰু গোলকীয় কলাৰ বাবে এক প্ৰধান গন্তব্যস্থানলৈ ৰূপান্তৰিত কৰাৰ পৰিকল্পনাৰ কথা সদৰি কৰি আগৰৱালে কয় যে, “মই গভীৰভাৱে বিশ্বাস কৰোঁ যে কলা-সংস্কৃতিয়ে মানুহক একত্ৰিত কৰাৰ আৰু সীমা অতিক্ৰম কৰাৰ সামৰ্থ্য আছে।” অনিল আগৰৱালৰ #ArtInEveryHeart পদক্ষেপে ভাৰত আৰু বিশ্বৰ মাজত সাংস্কৃতিক সম্পৰ্ক কঢ়িয়াই অনাৰ লগতে ষ্টুডিঅ’টোৱে নিমজ্জিত প্ৰদৰ্শন, বিবিধ প্ৰদৰ্শনী আৰু চলচ্চিত্ৰ প্ৰদৰ্শনীৰ বাবে এক সঠিক স্থান প্ৰদান কৰিব। এই পদক্ষেপ ভাৰতৰ বাবে গুৰুত্বপূৰ্ণ, কিয়নো বিশ্বৰ সাংস্কৃতিক ক্ষেত্ৰত এজন প্ৰথিতযশা ভাৰতীয় ব্যৱসায়িক ব্যক্তিৰ প্ৰৱেশে নতুন দিগন্তৰ সূচনা কৰিলে। এই ষ্টুডিঅ ‘ই ভাৰতীয়, ব্ৰিটিছ আৰু আন্তঃৰাষ্ট্ৰীয় সৃষ্টিকৰ্তাসকলক নিজৰ নিজৰ কাম-কাজ, সৃষ্টিৰাজী প্ৰদৰ্শন কৰাৰ সুযোগো প্ৰদান কৰিব। ভাৰতীয় শিল্প আৰু সংস্কৃতিৰ জগতখনত অতীতৰে পৰা অসমৰ সুনাম আছে আৰু এনেধৰণৰ পদক্ষেপে বিদেশত ভাৰতীয় শিল্পীসকলৰ প্ৰাধান্য আৰু অধিক উন্নীত কৰি তুলিব পাৰে, এই ষ্টুডিঅ’ৰ মুকলিয়ে সম্ভাৱনাময়ভাৱে ব্ৰিটেইন আৰু অসমৰ মাজত অধিক সাংস্কৃতিক আদান-প্ৰদানৰ দুৱাৰ মুকলি কৰিলে। Share this:FacebookX Related Post navigation অভাৱগ্ৰস্ত অঞ্চলত দক্ষতা বিকাশ বৃদ্ধিৰ বাবে তথ্য-চালিত অংশীদাৰিত্ব মাঘ বিহুৰ প্ৰাকক্ষণত আহিল এটা বেয়া খবৰ