বন্ধাকবিৰ ভিতৰত থকা ফিটা পলুৱে অকাল মৃত্যুৰ কাৰণ হৈ পৰিল এগৰাকী ১৭ বছৰীয়া ছাত্ৰীৰ। উত্তৰ প্ৰদেশৰ অমৰোহা জিলাৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰী ইলমাৰ চিকিৎসাধীন অৱস্থাতে মৃত্যু হোৱা ঘটনাই এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰে। চিকিৎসকৰ মতে, ফাষ্ট ফুডত ব্যৱহাৰ কৰা সংক্ৰমিত বন্ধাকবিৰ জৰিয়তে এই পৰজীৱীবিধ ছাত্ৰীগৰাকীৰ মগজুত প্ৰৱেশ কৰে আৰু তাৰ ফলতেই মগজুত গাঠিৰ সৃষ্টি হয়। দিল্লীৰ ডাঃ ৰাম মনোহৰ লোহিয়া হাস্পতালত মগজুৰ জটিল অস্ত্ৰোপচাৰ কৰা হৈছিল যদিও ছাত্ৰীগৰাকীক ৰক্ষা কৰা সম্ভৱ নহ’ল। প্ৰাপ্ত তথ্য অনুসৰি, উত্তৰ প্ৰদেশৰ আমৰোহা জিলাৰ চুচেলা কলা গাঁৱৰ নদীম আখতাৰৰ কন্যা ইলমা যোৱা এমাহ ধৰি তীব্ৰ জ্বৰ আৰু মূৰৰ বিষত আক্ৰান্ত হৈ আছিল। নয়ডাৰ এজন চিকিৎসকে স্বাস্থ্য পৰীক্ষাৰ অন্তত ইলমাৰ মগজুত গাঠি থকাৰ কথা ধৰা পেলায়। ইয়াৰ পাছতে তেওঁক দিল্লীলৈ নি উন্নত চিকিৎসা প্ৰদান কৰা হয়। চিকিৎসালয়ৰ বিশেষজ্ঞসকলে প্ৰকাশ কৰা মতে, বন্ধাকবিত থকা ফিটা পলুৰ কণীসমূহ সঠিকভাৱে পৰিষ্কাৰ নকৰাকৈ বা নিসিজোৱাকৈ খালে সেয়া তেজৰ জৰিয়তে মগজুলৈ যাব পাৰে। উল্লেখ্য যে, ইলমাৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পৰে। চিকিৎসকসকলে জনোৱা মতে, শাক-পাচলিত থকা এনে পলুৱে স্নায়ুতন্ত্ৰৰ গুৰুতৰ ক্ষতি কৰিব পাৰে, যাৰ ফলত ৰোগীৰ মূৰৰ বিষ বা মৃগীৰ দৰে কঁপনি উঠিব পাৰে। অন্যহাতে, এই ঘটনাই বৰ্তমান বজাৰত উপলব্ধ ফাষ্ট ফুডৰ গুণগত মান আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাক লৈ সাধাৰণ ৰাইজৰ মাজত তীব্ৰ উদ্বেগৰ সৃষ্টি কৰিছে। Share this:FacebookX Related Post navigation ১৭ জানুৱাৰীত প্ৰধানমন্ত্ৰীৰ উপস্থিতিত গুৱাহাটীত বাগৰুম্বা নৃত্য ২২ জানুৱাৰীৰ পৰা ২৫ জানুৱাৰীলৈ জ্যোতি চিত্ৰবনত অনুষ্ঠিত হ’ব দ্বিতীয় গুৱাহাটী এছিয়ান চলচ্চিত্ৰ মহোৎসৱ