খোৱা খাদ্যৰ মূল্য দ্ৰুত হাৰত বৃদ্ধিৰ বাবে খুচুৰা মুদ্ৰাস্ফীতি অক্টোবৰত ৬ শতাংশৰ পৰা ৬.২১ শতাংশলৈ বৃদ্ধি পাইছে। ছেপ্টেম্বৰ ২০২৪-ত, খুচুৰা মুদ্ৰাস্ফীতিৰ হাৰ আছিল ৫.৪৯ শতাংশ। অক্টোবৰত খুচুৰা মুদ্ৰাস্ফীতিৰ হাৰে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ সহনশীলতা বেণ্ড ৬ শতাংশ অতিক্ৰম কৰিছে। খাদ্যৰ মুদ্ৰাস্ফীতিও অক্টোবৰত দ্ৰুত হাৰত বৃদ্ধি পাইছে আৰু ই দুটা অংক অতিক্ৰম কৰি ১০.৮৭ শতাংশলৈ বৃদ্ধি পাইছে।

পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, ২০২৪ চনৰ অক্টোবৰত খুচুৰা মুদ্ৰাস্ফীতি ৬.২১ শতাংশলৈ বৃদ্ধি পাইছে। এবছৰ আগতে, অক্টোবৰ ২০২৩-ত, খুচুৰা মুদ্ৰাস্ফীতিৰ হাৰ আছিল ৪.২৩ শতাংশ। গ্ৰাম্য অঞ্চলত খুচুৰা মুদ্ৰাস্ফীতি ৬.৬৮ শতাংশ আৰু চহৰঅঞ্চলত ৫.৬২ শতাংশ আছিল।

মন্ত্ৰালয়ে কয় যে পাচলি, ফল, তেল আৰু চৰ্বিৰ মূল্যত দ্ৰুত মূল্য বৃদ্ধিৰ বাবে খুচুৰা মুদ্ৰাস্ফীতিত এনে বৃদ্ধি দেখা গৈছে। গ্ৰাম্য অঞ্চলত খাদ্যৰ মুদ্ৰাস্ফীতি ১০.৬৯ শতাংশ আছিল আৰু চহৰাঞ্চলত ই ১১.০৯ শতাংশ আছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *