গোপন তথ্যৰ ভিত্তিত চলোৱা এক তলাচীত জব্দ হোৱা মাৰণাস্ত্ৰৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে তেজপুৰৰ পাঁচমাইল অঞ্চলত। চামধৰা পাঁচমাইলৰ এটা ভাড়াঘৰত লুকুৱাই ৰখা মাৰণাস্ত্ৰৰ সন্ধানত শনিবাৰে তেজপুৰ আৰক্ষীয়ে চলোৱা এই অতৰ্কিত অভিযানত ইব্ৰাহিম আলী নামৰ এজন যুৱক জালত পৰে। আৰক্ষীৰ এই সফলতাই এতিয়া অঞ্চলটোত এক গোপন অপৰাধমূলক চক্ৰ সক্ৰিয় হৈ থকাৰ ইংগিত বহন কৰিছে। অভিযানকাৰী দলটোৱে যুৱকজনৰ কোঠাৰ পৰা এটা পইণ্ট ২২ পিষ্টল আৰু সক্ৰিয় গুলী জব্দ কৰাৰ লগতে এখন তৰোৱাল আৰু খুকুৰিও উদ্ধাৰ কৰে। মাৰণাস্ত্ৰসমূহ কি কূটাঘাতমূলক উদ্দেশ্যৰে ভাড়াতীয়া যুৱকজনে মজুত কৰি ৰাখিছিল, সেই সন্দৰ্ভত এতিয়া আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে। তেজপুৰ আৰক্ষীৰ এই ক্ষিপ্ৰ পদক্ষেপে চহৰখনত হ’ব পৰা এক সম্ভাব্য অপৰাধমূলক কাৰ্যক প্ৰতিহত কৰিবলৈ সক্ষম হয়। Share this:FacebookX Related Post navigation হোজাইত চিৰিঞ্জ বিক্ৰীক লৈ নতুন নিৰ্দেশনা; চিকিৎসকৰ প্ৰেছক্ৰিপচন অবিহনে বিপাঙত পৰিছে ৰোগী কাইলৈ টি-২০ বিশ্বকাপৰ ছুপাৰ-৮ত দক্ষিণ আফ্ৰিকাৰে মুখামুখি ভাৰতৰ