এসময়ত দেশৰ মধ্যম আকাৰৰ বাহন ছেগমেণ্টক সংজ্ঞায়িত কৰা আইকনিক এছইউভিৰ ধাৰা পুনৰ উভতি অহাৰ সৈতে সংগতি ৰাখি ৰেনল্ট ইণ্ডিয়াই মুকলি কৰিলে সম্পূৰ্ণ নতুন ৰেনল্ট ডাষ্টাৰ। নতুন প্ৰজন্মৰ ডাষ্টাৰখনে নিজৰ ৰুক্ষ ডিএনএ ধৰি ৰাখিছে আৰু লগতে আধুনিক ডিজাইন, উন্নত পাৱাৰট্ৰেইন, সংযুক্ত প্ৰযুক্তি আৰু বৰ্ধিত সুৰক্ষা ব্যৱস্থাসমূহো সন্নিৱিষ্ট কৰিছে, যি বিশেষভাৱে ভাৰতীয় গ্ৰাহকৰ বাবে নিৰ্মিত। ১৫,০০০ৰো অধিক লোকৰ উপস্থিতিত চেন্নাইৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত উন্মোচন কৰা এই নতুন ডাষ্টাৰ হৈছে ৰেনল্ট গ্ৰুপৰ ভাৰতৰ বাবে প্ৰস্তুত কৰা আন্তঃৰাষ্ট্ৰীয় গেম প্লেন ২০২৭ৰ অধীনত প্ৰথমখন বাহনৰ শুভাৰম্ভণি। নতুন ৰেনল্ট গ্ৰুপ মডুলাৰ প্লেটফৰ্ম (আৰ জি এম পি)ত নিৰ্মিত এই বাহনখনৰ প্ৰায় ৯০ শতাংশ ভাৰতৰ বাবে আৰু যিকোনো পৰিস্থিতি আৰু পাঁচ তাৰকাযুক্ত সুৰক্ষা মানদণ্ডৰ ধৰি ৰাখিব পৰাকৈ প্ৰস্তুত কৰা হৈছে।

টাৰ্বো টিচিই ১৬০ আৰু টাৰ্বো টিচিই ১০০ পেট্ৰ’ল ইঞ্জিনৰ লগতে ১.৮ লিটাৰ ইঞ্জিন আৰু ১.৪ কিলোৱাট ঘণ্টাৰ বেটাৰীৰে চালিত শক্তিশালী হাইব্ৰিড ই-টেক ১৬০ৰ আত্মপ্ৰকাশ কৰা হ’ব, যিয়ে নগৰীয়া পৰিস্থিতিত ৮০ শতাংশ পৰ্যন্ত ইলেক্ট্ৰিক ড্ৰাইভিং কৰিব পাৰে। ৰেনল্টে ভাৰতত প্ৰথমবাৰৰ বাবে গুগল বিল্ট-ইনযুক্ত অপেনআৰ লিংক মাল্টিমিডিয়া ব্যৱস্থাও প্ৰৱৰ্তন কৰিছে।
ডাষ্টাৰৰ প্ৰত্যাৱৰ্তনে উঃ-পূৰ্বাঞ্চলত ৰেনল্টৰ উপস্থিতি শক্তিশালী কৰিব বুলি আশা কৰা হৈছে, য’ত ৰুক্ষতাৰ সমানে দক্ষ এছইউভিৰ চাহিদা বৃদ্ধি হৈ আছে। অসমৰ নগৰীয়া ক্ৰেতাসকলে হাইব্ৰিড প্ৰযুক্তি, প্ৰিমিয়াম আভ্যন্তৰীণ আৰু সংযুক্ত বৈশিষ্ট্যসমূহৰ প্ৰতি ক্ৰমান্বয়ে আগ্ৰহ প্ৰদৰ্শন কৰিছে, যাৰ ফলত নতুন ডাষ্টাৰ চহৰখনৰ বিকশিত এছইউভি বজাৰত এক প্ৰতিযোগিতামূলক বিকল্প হিচাপে চৰ্চিত হৈছে। ৰেনল্টে নিজৰ ৰেনল্ট ফৰএভাৰ প্ৰগ্ৰেমৰ অধীনত সাত বছৰৰ ৱাৰেণ্টি ঘোষণা কৰিছে। ২১,০০০ টকা মূল্যৰ আৰ পাছৰ সৈতে বাহনখনৰ প্ৰি-বুকিং কৰিব পাৰিব। ২০২৬ চনৰ এপ্ৰিলৰ পৰা ডেলিভাৰী আৰম্ভ হোৱাৰ সম্ভাৱনা আছে, আনহাতে, মাৰ্চৰ মাজভাগত বাহনখনৰ মূল্য ঘোষণা কৰা হ’ব বুলি আশা কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *