বলীউডৰ জনপ্ৰিয় অভিনেতা ৰাজপাল যাদৱক সোমবাৰে এক চেক বাউন্সৰ গোচৰত এক লাখ টকাৰ জামিন ৰাশিৰ বিনিময়ত অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰে দিল্লী উচ্চ ন্যায়ালয়ে। ন্যায়াধীশ স্বৰ্ণকান্ত শৰ্মাৰ বিচাৰপীঠে প্ৰদান কৰা এই জামিনৰ জৰিয়তে অভিনেতাজনে অহা ১৯ ফেব্ৰুৱাৰীত উত্তৰ প্ৰদেশৰ শ্বাহজাহানপুৰত নিজ ভতিজীৰ বিবাহ অনুষ্ঠানত অংশ ল’ব পাৰিব। ইয়াৰ পূৰ্বে আদালতে তেওঁৰ জামিন আবেদন খাৰিজ কৰিছিল যদিও এতিয়া চৰ্তসাপেক্ষে তেওঁ কাৰাগাৰৰ পৰা বাহিৰলৈ ওলাই অহাৰ সুযোগ লাভ কৰিছে। আদালতৰ নিৰ্দেশ অনুসৰি ৰাজপাল যাদৱে নিজৰ পাছপ’ৰ্ট জমা দিব লাগিব যাতে তেওঁ দেশ ত্যাগ কৰিব নোৱাৰে। লগতে অহা ১৮ মাৰ্চত হ’বলগীয়া পৰৱৰ্তী শুনানিৰ দিনা তেওঁ ব্যক্তিগতভাৱে বা ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে আদালতত হাজিৰ হোৱাটো বাধ্যতামূলক কৰা হৈছে। জামিন লাভৰ বাবে অভিনেতাজনে ইতিপূৰ্বে দেৰ কোটি টকা আদালতত জমা দিছে বুলি জানিব পৰা গৈছে। উল্লেখ্য যে, ২০১০ চনত নিজৰ নিৰ্মিত ছবি ‘আতা পতা লাপতা’ৰ বাবে মুৰলী প্ৰজেক্টছ প্ৰাইভেট লিমিটেডৰ পৰা ৫ কোটি টকা ধাৰ লৈছিল ৰাজপাল যাদৱে। ছবিখন বক্স অফিচত ব্যৰ্থ হোৱাৰ বাবে তেওঁ সেই ধন ঘূৰাই দিবলৈ অসমৰ্থ হৈছিল, যাৰ পৰিণতিত ২০১৮ চনত তেওঁক দোষী সাব্যস্ত কৰি ৬ মাহৰ কাৰাদণ্ড বিহা হৈছিল। চলিত বৰ্ষৰ ৫ ফেব্ৰুৱাৰীত তেওঁ আদালতত আত্মসমৰ্পণ কৰাৰ পিছত তিহাৰ কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল। বিপদৰ সময়ত ৰাজপাল যাদৱৰ কাষত থিয় দিছে বলীউডৰ বহু তাৰকা। অভিনেতা চনু চুদে তেওঁক নিজৰ নতুন ছবিত চুক্তিবদ্ধ কৰাই আৰ্থিকভাৱে সহায় কৰাৰ লগতে চলমান খান আৰু অজয় দেৱগনেও তেওঁৰ পৰিয়ালৰ সৈতে যোগাযোগ কৰিছে। অভিনেতাজনৰ মেনেজাৰে জনোৱা মতে, ধাৰ লোৱা মুঠ ধনৰ আধা অংশ ইতিপূৰ্বে পৰিশোধ কৰা হৈছে আৰু বাকী ধনখিনিও অতি সোনকালে আদায় দিয়াৰ চেষ্টা অব্যাহত আছে। Share this:FacebookX Related Post navigation ভূপেন বৰাৰ অভিমান ভাঙিবলৈ চেষ্টা কংগ্ৰেছ নেতৃত্বৰ! ভুলৰ বাবে ক্ষমা বিচাৰিলে গৌৰৱ গগৈয়েও অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটা ঘোষণাঃ কলাক্ষেত্ৰত সন্মানিত হ’ল ৰাজ্যৰ বিশিষ্ট শিল্পীসকল