জৈৱ বৈচিত্ৰ্য আৰু পৰিৱেশতন্ত্ৰ সংৰক্ষণ, স্থানীয় লোকৰ সৱলীকৰণ আৰু বহনক্ষম উন্নয়নৰ ক্ষেত্ৰত আগবঢ়োৱা অনবদ্য অৱদানৰ স্বীকৃতি স্বৰুপে উত্তৰ পূৱৰ অগ্ৰণী জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকক ৰাষ্ট্ৰসংঘৰ উন্নয়ন কাৰ্যসূচী (ইউ এন ডি পি) আৰু দি এনাৰ্জী এণ্ড ৰিচাৰ্ছ ইনষ্টিটিউট (টেৰি)ৰ যুটীয়া এছ জি পি শ্ৰেষ্ঠ উদ্ভাৱনী বঁটা প্ৰদান কৰা হৈছে ।  নতুন দিল্লীত অনুষ্ঠিত বিশ্ব বহনক্ষম উন্নয়ন সন্মিলন ২০২৫ত ভাৰত চৰকাৰৰ পৰিৱেশ বন আৰু জলবায়ু পৰিবৰ্তন মন্ত্ৰালয়ৰ জি ই এফ-অ’ এফ পিৰ যুটীয়া সচিল নীলেশ শ্বাহৰ পৰা আৰণ্যকৰ বিষয়ববীয়া জযন্ত কুমাৰ পাঠক আৰু ৰাবিয়া দৈমাৰীয়ে ৫ মাৰ্চৰ দিনা বঁটাটো গ্ৰহণ কৰে ।

তেওঁলোকলৈ আগবঢ়োৱা এই সন্মানীয় বঁটাটোৰ বাবে আৰণ্যকৰ মুখ্য কাৰ্যবাহী বিষয়া আৰু সচিব প্ৰধান ড: বিভৱ কুমাৰ তালুকদাৰে কৃতজ্ঞতা আৰু উৎসাহ প্ৰকাশ কৰে । ড: তালুকদাৰে কয় যে সুৰক্ষিত ভৱিষ্যতৰ বাবে প্ৰকৃতিৰ সংৰক্ষণ তথা লালন-পালন কৰাৰ কাৰণে আৰণ্যকে অব্যাহত ৰখা যাত্ৰাক এই বঁটাই অধিক অনুপ্ৰাণিত কৰিব । উল্লেখ্যে যে আৰণ্যকে ইউ এন ডি পি-জি ই এফ এছ জি পি আৰু ভাৰত চৰকাৰৰ পৰিৱেশ বন আৰু জলবায়ু পৰিবৰ্তন মন্ত্ৰালয়ৰ উদ্যোগত অসমৰ ওদালগুৰি জিলাত মানৱ-হাতীৰ সহাৱস্থান আৰু জৈৱ বৈচিত্ৰ্য সংৰক্ষণক উদগনি যোগোৱাৰ বাবে সমুদায় ভিত্তিক এক সংহত প্ৰকল্প ৰুপায়ণ কৰি আছে । টেৰি এই প্ৰকল্পৰ নোডেল সংস্থা ।

বঁটাটো গ্ৰহণ কৰি আৰণ্যকৰ এছ জি পি প্ৰকল্পৰ নেতৃত্ব বহন কৰা জ্যেষ্ঠ সংৰক্ষণবিদ জয়ন্ত কুমাৰ পাঠকে কয়, “স্থানীয় সমুদায়ৰ সৱলীকৰণেই আমাৰ মূল উদ্দেশ্যে । জ্ঞান আৰু সম্পদেৰে সমৃদ্ধ কৰি প্ৰয়োজনীয় সহায় আগবঢ়ালে স্থানীয় সমুদায় পৰিবৰ্তনৰ শক্তিশালী কাৰকত পৰিণত হয় । আমি উদ্ভাৱনী পদক্ষেপৰ জৰিয়তে স্থানীয় সমুদায়ক তেওঁলোকৰ জীৱনৰ মান উন্নত কৰাত সহায় কৰিবলৈ সক্ষম হৈছোঁ । বিভিন্ন সজুঁলি, সম্পদ আৰু সহায় আগবঢ়াই আমি ব্যক্তি আৰু সমুদায়ৰ জীৱনত উল্লেখনীয় পৰিবৰ্তন লক্ষ্য কৰিছোঁ।

Leave a Reply

Your email address will not be published. Required fields are marked *