পেছাত তেওঁ এজন সামান্য দৰ্জী, দিনটোত কষ্ট কৰি উপাৰ্জন কৰে মাত্ৰ ২০০ৰ পৰা ৫০০ টকা। কিন্তু যোৱা ২৬ বছৰ ধৰি মাকুমৰ ডিব্ৰুগড় ৰোডৰ আৰক্ষী পইণ্টত যাত্ৰীৰ সুবিধাৰ বাবে যি কাম তেওঁ কৰি আহিছে, তাক লৈ এতিয়া সমগ্ৰ ৰাজ্যতে চৰ্চা আৰম্ভ হৈছে। কোনো ধৰণৰ দৰমহা বা চৰকাৰী পদবী নোহোৱাকৈয়ে কেৱল সমাজসেৱাৰ মনোভাৱেৰে ট্ৰেফিক নিয়ন্ত্ৰণ কৰি অহা মাকুমৰ ৫৪ বছৰীয়া দীপক দাসক অৱশেষত তিনিচুকীয়া জিলা আৰক্ষীয়ে প্ৰদান কৰিলে এক বিশেষ স্বীকৃতি। প্ৰতিদিনে আবেলি ২ বজাৰ পৰা নিশা ৮ বজালৈ খাকী পোছাক পিন্ধি আৰক্ষীৰ সৈতে কান্ধত কান্ধ মিলাই যান-বাহন নিয়ন্ত্ৰণ কৰাটো দীপক দাস ওৰফে ‘দীপক দৰ্জী’ৰ এক নিয়মীয়া অভ্যাসলৈ পৰিণত হৈছিল। যোৱা ২৯ জানুৱাৰীত ‘দ্য আছাম ট্ৰিবিউন’ত তেওঁৰ এই নিস্বাৰ্থ সেৱাৰ বিষয়ে এক বিশেষ প্ৰতিবেদন প্ৰকাশ পোৱাৰ পাছতে তেওঁৰ নাম ৰাইজৰ মাজত ব্যাপকভাৱে প্ৰসাৰিত হয়। এই খবৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰাত তিনিচুকীয়াৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক মায়াংক কুমাৰে যোৱা ২২ ফেব্ৰুৱাৰীত দীপক দাসক বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে। আৰক্ষী অধীক্ষকৰ পৰা এই অপ্রত্যাশিত সন্মান লাভ কৰি আৱেগিক হৈ পৰা দাসে জানিবলৈ দিয়ে যে স্বীকৃতিৰ বাবে নহয়, বৰঞ্চ জনসাধাৰণৰ অসুবিধা দূৰ কৰাটোহে তেওঁৰ একমাত্ৰ উদ্দেশ্য আছিল। ৫৪ বছৰ বয়সতো ডেকা ল’ৰাৰ উদ্যমেৰে ট্ৰেফিক পইণ্টত কৰ্তব্য পালন কৰা দীপক দাসৰ এই কাহিনীয়ে প্ৰমাণ কৰিলে যে নিৰৱচ্ছিন্ন সমাজসেৱাই এদিন নহয় এদিন স্বীকৃতি লাভ কৰেই। আৰক্ষী প্ৰশাসনেও তেওঁৰ এই কৰ্মক ৰাইজৰ বাবে এক উজ্জ্বল নিদৰ্শন বুলি অভিহিত কৰিছে। Share this:FacebookX Related Post navigation গাড়ীগাঁও নবোদয়া মহিলা সমিতিৰ উদ্যোগত চাফাই অভিযান চীনে ২০২০ত সম্পন্ন কৰিছিল গোপন পাৰমাণৱিক পৰীক্ষা