মধ্যপ্ৰাচ্যত আমেৰিকা আৰু ইজৰাইলৰ যুটীয়া সামৰিক আক্ৰমণত ইৰাণৰ সৰ্বোচ্চ ধৰ্মগুৰু আয়াতুল্লাহ আলী খামেনেইৰ মৃত্যুৰ খবৰে দেওবাৰে উত্তাল কৰি তোলে কাশ্মীৰ উপত্যকা। শ্ৰীনগৰ আৰু বদগাম জিলাৰ ৰাজপথত হাজাৰ হাজাৰ শিয়া ধৰ্মীয় লোকে ক’লা পতাকা আৰু খামেনেইৰ প্ৰতিচ্ছবি লৈ এক বিশাল প্ৰতিবাদী সমদল উলিয়ায়। আমেৰিকা আৰু ইজৰাইল বিৰোধী শ্ল’গানেৰে আকাশ-বতাহ কঁপাই তোলা এই প্ৰতিবাদকাৰীসকলে ইৰাণৰ প্ৰতি সংহতি প্ৰকাশ কৰি এই আক্ৰমণক তীব্ৰ গৰিহণা দিয়ে। যোৱা শনিবাৰে আমেৰিকা আৰু ইজৰাইলৰ ‘অপাৰেচন এপিক ফিউৰী’ নামৰ এক ভয়ংকৰ আক্ৰমণত খামেনেইৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। এই খবৰ বিয়পি পৰাৰ লগে লগে শ্ৰীনগৰৰ মাজমজিয়াত এক গাম্ভীৰ্যপূৰ্ণ শোকাকুল পৰিৱেশৰ সৃষ্টি হয়। প্ৰতিবাদকাৰীসকলে পৰম্পৰাগত শোকসংগীত (নৌহা) গাই ধৰ্মগুৰুগৰাকীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে। এগৰাকী প্ৰতিবাদকাৰীয়ে সংবাদ সংস্থা এ এন আইৰ আগত কয়, “আমাৰ প্ৰিয় নেতা আলী খামেনেইক অতি নৃশংসভাৱে হত্যা কৰা হৈছে আৰু এই শোক সমদলৰ জৰিয়তে আমি আমাৰ প্ৰতিবাদ সাব্যস্ত কৰিছোঁ।” উল্লেখ্য যে, ১৯৮৯ চনৰ পৰা ইৰাণক নেতৃত্ব দি অহা খামেনেইৰ মৃত্যুত সমগ্ৰ ইৰাণত ৪০ দিনীয়া ৰাষ্ট্ৰীয় শোক ঘোষণা কৰা হৈছে। ইছলামিক গণৰাজ্যখনৰ ৩৭ বছৰীয়া এক অধ্যায়ৰ অন্ত পৰা এই মৃত্যুক লৈ এতিয়া সমগ্ৰ বিশ্বতে চৰ্চা আৰম্ভ হৈছে। বিশেষকৈ ইৰাণৰ পৰৱৰ্তী উত্তৰাধিকাৰী কোন হ’ব, তাক লৈও তীব্ৰ জল্পনা-কল্পনা চলিছে। কাশ্মীৰৰ এই প্ৰতিবাদী কাৰ্যসূচীৰ পৰিপ্ৰেক্ষিতত স্থানীয় প্ৰশাসনে নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰি তুলিছে। ইফালে ইৰাণৰ তেহৰাণসহ প্ৰধান চহৰসমূহতো সামৰিক বাহিনীয়ে তীব্ৰ তহল দিছে যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয়। ধৰ্মগুৰুগৰাকীৰ মৃত্যুত কাশ্মীৰৰ শিয়া অধ্যুষিত অঞ্চলসমূহত ব্যৱসায়-প্ৰতিষ্ঠান বন্ধ ৰাখি শোক পালন কৰা পৰিলক্ষিত হৈছে। Share this:FacebookX Related Post navigation বিস্ফোৰক কাৰখানাত প্ৰলয়ংকৰ বিস্ফোৰণ; ১৫ জন শ্ৰমিক নিহত, বহু আহত হোৱাৰ আশংকা শিলিখাৰ উপকাৰী গুণৰ বিষয়ে জানেনে