ৰাশি পেৰিফেৰেলছ লিমিটেড(এনএছই: আৰপিটিইচিএইচ)-এ গুৱাহাটীত ফ্লেগশ্বিপ চেনেল বিজনেছ ফৰাম (চিবিএফ) ২০২৫ সফলতাৰে আয়োজন কৰে, য’ত ১১০জনতকৈ অধিক স্থানীয় পুনৰ বিক্ৰেতা(ৰিচেলাৰ) আৰু খুচুৰা বিক্ৰেতা(ৰিটেইলাৰ)ক একত্ৰিত কৰা হয়। দেশৰ টায়াৰ চি আৰু ডি চহৰসমূহত প্ৰযুক্তি বিতৰণ সম্প্ৰসাৰণৰ বাবে আৰ পি টেকৰ দেশজোৰা পদক্ষেপৰ অংশস্বৰূপে আয়োজন কৰা এই অনুষ্ঠানৰ লক্ষ্য আছিল চেনেল অংশীদাৰসকলক আগশাৰীৰ বিশ্বজনীন প্ৰযুক্তি ব্ৰেণ্ডসমূহৰ সৈতে সংযোগ আৰু সহযোগিতাৰ জৰিয়তে ব্যৱসায়িক বৃদ্ধিৰ পোষকতা কৰা। এই চিবিএফত পোনপটীয়া সামগ্ৰী প্ৰদৰ্শন, হাতে-কামে অভিজ্ঞতা ক্ষেত্ৰ আৰু নিমজ্জিত প্ৰশিক্ষণ অনুষ্ঠানৰো আয়োজন কৰা হৈছিল, য’ত এআই-চালিত লেপটপ, গ্ৰাহক পেৰিফেৰেল, গেমিং হাৰ্ডৱেৰ, স্মাৰ্ট সহযোগিতা সঁজুলি আৰু ষ্টৰেজ সমাধান আদি সামৰি লোৱা হৈছিল। ৰাশি পেৰিফেৰেলছৰ গ্ৰুপ বিজনেছ মেনেজাৰ হেমন্ত ডালমিয়াই এই বিষয়ে সদৰি কৰি কয় যে, ‘চিবিএফ ২০২৫-এ গুৱাহাটীৰ দৰে বজাৰত গভীৰ সম্পৰ্ক গঢ়ি তোলাত সহায় কৰিছে, য’ত স্মাৰ্ট, সংযুক্ত প্ৰযুক্তিৰ চাহিদা প্ৰতিনিয়ত দ্ৰুতগতিত বৃদ্ধি পাইছে। গুৱাহাটীৰ এই অনুষ্ঠানত উন্নত আইচিটি সমাধানৰ বাবে চহৰখনৰ বৰ্ধিত আগ্ৰহৰ ওপৰত আলোকপাত কৰা হয়। স্থানীয় অংশীদাৰসকলে প্ৰশিক্ষণ আৰু পৰৱৰ্তী প্ৰজন্মৰ সামগ্ৰীৰ প্ৰৱেশাধিকাৰক প্ৰশংসা কৰি ইয়াক নিজৰ নিজৰ ব্যৱসায় শক্তিশালী কৰা আৰু স্মাৰ্ট ডিভাইচ, গেমিং আনুষংগিক সামগ্ৰী আৰু দক্ষ সংযোগ সমাধানৰ বাবে গ্ৰাহকৰ বৰ্ধিত চাহিদা পূৰণ কৰাৰ এক সুযোগ হিচাপে লক্ষ্য কৰিছে। চিবিএফ ২০২৫-এ জুলাইৰ পৰা অক্টোবৰলৈ ৫০খন চহৰত ৯টা পৰ্যায়ৰ ৰোড শ্ব অব্যাহত ৰাখিছে, যি তৃণমূল পৰ্যায়ত অৰ্থপূৰ্ণ সম্পৰ্ক আৰু সহযোগিতা বৃদ্ধিৰ লগতে ভাৰতৰ প্ৰতিখন জিলাত উদ্ভাৱনীমূলক প্ৰযুক্তি সুলভ কৰাৰ বাবে আৰপি টেকৰ লক্ষ্যক প্ৰতিফলিত কৰে। Share this:FacebookX Related Post navigation আমাজন পে আইচিআইচিআই বেংক ক্ৰেডিট কাৰ্ডৰ বাবে দীৰ্ঘম্যাদী অংশীদাৰিত্ব নবীকৰণ কৰাৰ কথা ঘোষণা কৰিছে জলমগ্ন হৈ পৰিছে গোলাঘাট জিলা