মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিনিধিত্ব কৰা তথা সমষ্টি পুনৰ গঠনৰ পাছত জালুকবাৰী বিধানসভা সমষ্টিত অন্তৰ্ভুক্ত হোৱা সমষ্টিটোৰ একমাত্ৰ আঞ্চলিক পঞ্চায়ত ৰামচাৰাণী আঞ্চলিক পঞ্চায়তৰ নৱ নিৰ্বাচিত সদস্য সকলে আজি পদ আৰু গোপনিয়তাৰ শপত গ্ৰহণ কৰে। এই উপলক্ষে ৰাণীস্থিত ৰামচাৰাণী খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত আয়োজিত এক অনুষ্ঠানত আঞ্চলিক পঞ্চায়তৰ পাঁচজন নিৰ্বাচিত সদস্য – সদস্যা ক্ৰমে – গীতাঞ্জলি ভূঞা ( নিৰ্দলীয় ) , তপন জখৰীয়া (অগপ) , মণিমা কলিতা ( বিজেপি) , ভূপেন ইংতি ( বিজেপি) আছে গংগা চৌধুৰী ( অগপ) ক শপত বাক্য পাঠ কৰোৱাই ৰামচাৰাণীৰ খণ্ড উন্নয়ন বিষয়া ৰেণু দেউৰীয়ে।

অনুষ্ঠানত জালুকবাৰী সম জিলাৰ সহকাৰী আয়ুক্ত পৰ্যায়ৰ এজন বিষয়া উপস্থিত থাকে। আনহাতে শপত গ্ৰহণ কৰাৰ পাছত চৰকাৰী নিৰ্দেশনা অনুসৰি ৰামচাৰাণী আঞ্চলিক পঞ্চায়তখন গঠন কৰা হয়। নিৰ্বাচনৰ পূৰ্বে হোৱা মিত্ৰতাৰ ফৰ্মূলা অনুসৰি সভাপতি পদত আজাৰা গাওঁ পঞ্চায়তৰ পৰা বিজয়ী হোৱা বিজেপিৰ ভূপেন ইংতিক সভাপতি আৰু মহিলাৰ বাবে সংৰক্ষিত উপ সভাপতি পদত কাঁহিকুছি গাওঁ পঞ্চায়তৰ পৰা বিজয়ী হোৱা অগপৰ গংগা চৌধুৰীক উপ সভাপতি নিৰ্বাচিত কৰা হয়।

আঞ্চলিক পঞ্চায়ত গঠন হোৱাৰ পাছত নতুনকৈ সভাপতি আৰু উপ সভাপতি নিৰ্বাচিত হোৱা দুয়োগৰাকীকে বিজেপি নেত্ৰী তথা দীপৰ বিল জিলা পৰিষদৰ সদস্যা গিৰিজা মেধি , বিজেপিৰ বিমানকোঠ মণ্ডল কমিটীৰ সভাপতি তীৰ্থ মেধি, ৰাণী মণ্ডল কমিটীৰ প্ৰাক্তন সভাপতি হৰকান্ত নাথ, অগপ দলৰ কাঁহিকুছি আঞ্চলিকৰ সাধাৰণ সম্পাদক গৌতম কাকতি, উপ সভাপতি পংকজ চৌধুৰী আৰু ফণীন্দ্ৰ দাসকে ধৰি দুয়োটা দলৰে কেবাজনো নেতা – কৰ্মীয়ে ফুলাম গামোচা আৰু জাপিৰে বিপুলভাৱে সম্বৰ্ধনা জনায়। আনহাতে সম্বৰ্ধনা গ্ৰহণ কৰে নৱ নিৰ্বাচিত সভাপতি ভূপেন ইংতি আৰু উপ সভাপতি গংগা চৌধুৰীয়ে ৰামচাৰাণী আঞ্চলিক পঞ্চায়ত এলেকাৰসকলো ধৰণৰ উন্নয়নমূলক কামকাজ ৰাইজক বিশ্বাসত লৈ সম্পন্ন কৰাৰ লগতে মূখ্যমন্ত্ৰীৰ উন্নয়ন ধাৰাটোক অধিক তুৰাম্বিত কৰিব বুলি মত ব্যক্ত কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *