উৎসৱৰ এই সময়ছোৱাত ৰক্ষা বন্ধন আৰম্ভ হোৱাৰ লগে লগে এই বৰ্ষৰ উদযাপনত স্বাস্থ্যই কেন্দ্ৰবিন্দু হৈ পৰিছে। পৰম্পৰা আৰু সুস্থতাৰ মিশ্ৰণক প্ৰসাৰিত কৰি বিশেষজ্ঞ আৰু চেলিব্ৰিটীসকলে দীৰ্ঘম্যাদী স্বাস্থ্য আৰু সমৃদ্ধিৰ সমৰ্থনত পুষ্টিকৰ উপাদান সমৃদ্ধ কেলিফৰ্ণিয়া আলমণ্ডক দৈনন্দিন খাদ্যত অন্তৰ্ভুক্ত কৰাৰ পোষকতা কৰিছে। ব্লাড চুগাৰ(ৰক্ত শৰ্কৰা)ৰ স্তৰ নিয়ন্ত্ৰণ কৰাত সহায় কৰা, এলডিএল কলেষ্টেৰল হ্ৰাস কৰা আৰু হৃদপিণ্ডৰ স্বাস্থ্য উন্নত বা ভালে ৰখাৰ বাবে জনাজাত আলমণ্ডক এক স্মাৰ্ট উৎসৱৰ জলপান হিচাপে চিহ্নিত কৰা হৈছে। ৰক্ষা বন্ধন কিদৰে উদযাপন কৰে সেই বিষয়ে প্ৰকাশ কৰি বলীউডৰ অভিনেত্ৰী চোহা আলী খানে কয় যে, “ৰক্ষা বন্ধন মোৰ পৰিয়ালৰ বাবে এক বিশেষ দিন। মই গৰম কৰা আলমণ্ড বৰ্ফি আৰু আলমণ্ড ব্ৰাউনিৰ দৰে স্বাস্থ্যকৰ কিন্তু সুস্বাদু ব্যঞ্জন প্ৰস্তুত কৰোঁ।  দৈনন্দিন খাদ্যাভ্যাস হিচাপে মই মোৰ স্বামী আৰু কন্যাক ৰাতিপুৱাৰ ৰুটিনৰ অংশ হিচাপে আলমণ্ড খোৱাটো নিশ্চিত কৰোঁ-যি মই কেতিয়াও এৰি নিদিওঁ, আনকি উৎসৱবোৰতো নিয়মীয়াকৈ খাওঁ। আলমণ্ড কেৱল সুস্বাদু নহয়, আমাৰ স্বাস্থ্যৰ বাবেও অবিশ্বাস্যভাৱে উপকাৰী, সেয়েহে মই এইসমূহ যিমান পাৰি সিমান ব্যঞ্জনত অন্তৰ্ভুক্ত কৰিবলৈ চেষ্টা কৰোঁ।”

মেক্স হেলথকেয়াৰ-দিল্লীৰ ডায়েটেটিক্স বিভাগৰ আঞ্চলিক মুৰব্বী ঋত্বিকা সমাদ্দাৰে কয় যে, “ৰক্ষা বন্ধনৰ দৰে উৎসৱৰ সময়ছোৱাত মানুহে প্ৰায়ে স্বাস্থ্য আৰু ওজনৰ ওপৰত ইয়াৰ প্ৰভাৱ অনুভৱ নকৰাকৈ অ-স্বাস্থ্যকৰ খাদ্য ভক্ষণ কৰে। মই আলমণ্ডৰ দৰে পুষ্টিকৰ বিকল্পৰ সৈতে মনোযোগৰে উদযাপন কৰাৰ পৰামৰ্শ দিওঁ। অত্যাৱশ্যকীয় পুষ্টিগুণেৰে সমৃদ্ধ আলমণ্ডে অস্বাস্থ্যকৰ জলপানৰ বাবে এক উত্তম বিকল্প প্ৰস্তুত কৰে আৰু ইয়াক উৎসৱৰ ব্যঞ্জনত যোগ কৰিব পাৰি। ভাৰতীয়সকলৰ বাবে শেহতীয়া আইচিএমআৰ ডায়েটৰী নিৰ্দেশনাৱলীয়ে আলমণ্ডক দৈনিক, প্লাণ্ট প্ৰ’টিন আৰু দীৰ্ঘম্যাদী সুস্থতা প্ৰদান কৰা স্বাস্থ্যকৰ পছন্দ হিচাপে আলোকপাত কৰিছে। নিয়মিতভাৱে আলমণ্ড সেৱনে কেৱল উন্নত স্বাস্থ্য ৰখাতে সহায় নকৰে, বৰঞ্চ সমগ্ৰ পৰিয়ালটোৰ সমৃদ্ধি আৰু কল্যাণতো সমানে সহায় কৰে। “

পুষ্টি আৰু সুস্থতা পৰামৰ্শদাতা শীলা কৃষ্ণস্বামীয়ে এই বিষয়ে কয় যে, “ৰক্ষা বন্ধনৰ সময়ত মিঠাই হৈছে এক প্ৰধান খাদ্য, কিন্তু ৰক্ত শৰ্কৰা আৰু সামগ্ৰিক স্বাস্থ্যৰ ওপৰত ইয়াৰ প্ৰভাৱক প্ৰায়ে উপেক্ষা কৰা হয়। চেনী বা মিঠা সেৱনে গ্লুকজৰ পৰিমাণ যথেষ্ট বৃদ্ধি কৰিব পাৰে, যি বিশেষকৈ ডায়েবেটিছ বা প্ৰাক-ডায়েবেটিছ থকা লোকসকলৰ বাবে এক উদ্বেগৰ বিষয়। এই পৰামৰ্শ সকলোৰে বাবে, যিয়ে মিঠাইৰ বাবে উৎসৱৰ বাবে উদ্বিগ্ন অনুভৱ কৰে—সুস্থ হৈ থাকিবলৈ আপুনি বাদ দিব নালাগে। এগৰাকী পুষ্টিবিদ হিচাপে মই উৎসৱৰ সময়ত আলমণ্ড আৰু সতেজ ফলৰ দৰে স্বাস্থ্যকৰ বিকল্পসমূহ বাচনি কৰাৰ পৰামৰ্শ দিওঁ। আলমণ্ড প্ৰ’টিন আৰু ফাইবাৰেৰে সমৃদ্ধ আৰু যেতিয়া সন্তুলিত আহাৰত ইয়াক অন্তৰ্ভুক্ত কৰা হয়, তেতিয়া ৰক্ত শৰ্কৰাৰ স্তৰ স্থিৰ কৰি ৰখাত সহায় কৰে আৰু হৃদপিণ্ডৰ স্বাস্থ্য ভালে থকাতো সহায় কৰে। পৰম্পৰাগত মিঠাই আৰু উপহাৰেৰে উৎসৱমুখৰ হৈ পৰা গুৱাহাটীৰ বজাৰসমূহত স্বাস্থ্যসন্মত বিকল্পৰ দিশত দৃশ্যমান পৰিৱৰ্তন দেখা গৈছে। খুচুৰা বিক্ৰেতাসকলে শুকান ফল বিশেষকৈ আলমণ্ডৰ চাহিদা বৃদ্ধি পোৱাৰ তথা সদৰি কৰিছে, কাৰণ গ্ৰাহকে উদযাপন আৰু পুষ্টিৰ মাজত ভাৰসাম্যৰ সন্ধান কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *