আগন্তুক ৰাস মহোৎসৱৰ আগে আগে আপুনি লাভ কৰিব পাৰে প্ৰধানমন্ত্ৰীৰ উপহাৰ। ৰাসৰ প্ৰাকক্ষণত হয়তো আপোনাৰ একাউণ্টত সোমাব পাৰে উপহাৰৰ ধন।হয়তো ৰাসৰ আগে আগে মুকলি কৰি দিয়া হ’ব পাৰে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনাৰ ২১ তম কিস্তি। অৱশ্যে এই সন্দৰ্ভত এতিয়াও আনুষ্ঠানিকভাৱে কোনো ঘোষণা কৰা হোৱা নাই। কিন্তু সংবাদ মাধ্যমৰ বাতৰি অনুসৰি নৱেম্বৰৰ প্ৰথম সপ্তাহত কেন্দ্ৰীয় চৰকাৰে এই ধন কৃষকৰ একাউণ্টলৈ হস্তান্তৰ কৰিব পাৰে।অৰ্থাৎ প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনাৰ হিতাধিকাৰী কৃষকসকলে কেইদিনমানৰ ভিতৰতে এই আঁচনিৰ অধীনত ২০০০ টকা লাভ কৰিব পাৰে। অহা ১ নৱেম্বৰৰ পৰা ৫ নৱেম্বৰৰ ভিতৰত এই ধনৰাশি হস্তান্তৰ কৰা হ’ব পাৰে বুলি অনুমান কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *