বছৰটোৰ শেষৰটো সপ্তাহত উৎসৱৰ আনন্দত মগন ৰাইজৰ জেপত পুনৰ এক ভয়ংকৰ মাধমাৰ শোধালে চৰকাৰে। সাধাৰণ জনতাৰ যাতায়াতৰ একমাত্ৰ ভৰসা ৰেল বিভাগক এতিয়া ৰাজহ সংগ্ৰহৰ মেচিনলৈ ৰূপান্তৰ কৰি আজিৰ পৰাই কাৰ্যকৰী হোৱাকৈ বৃদ্ধি কৰা হৈছে যাত্ৰীবাহী ৰেলৰ ভাড়া। ৰেল মন্ত্ৰালয়ে বৃহস্পতিবাৰে নিশা অতি কৌশলেৰে এই নতুন নিৰ্দেশনা জাৰি কৰিছে, যাৰ ফলত ২৬ ডিচেম্বৰৰ পৰা যাত্ৰীয়ে অধিক মূল্য ভৰিবলগীয়া হৈছে। বিস্ময়কৰ কথাটো হ’ল যে যোৱা জুলাই মাহৰ পাছত চলিত বছৰৰ ভিতৰত এয়া দ্বিতীয়টো ভাড়া বৃদ্ধি। ৰেল মন্ত্ৰালয়ে জাৰি কৰা জাননী অনুসৰি, মেইল আৰু এক্সপ্ৰেছ ৰেলৰ নন-এচি আৰু এচি— দুয়োটা শ্ৰেণীৰ বাবে প্ৰতি কিলোমিটাৰত ২ পইচাকৈ ভাড়া বৃদ্ধি কৰা হৈছে। আনহাতে সাধাৰণ শ্ৰেণীৰ ৰেলৰ ২১৫ কিলোমিটাৰৰ অধিক যাত্ৰাৰ বাবে প্ৰতি কিলোমিটাৰত ১ পইচাকৈ অতিৰিক্ত ধন দিব লাগিব। চৰকাৰে এই ভাড়া বৃদ্ধিক কাৰ্যকৰী ক্ষমতা বাহাল ৰখাৰ এক অজুহাত হিচাপে থিয় কৰাইছে যদিও ইয়াৰ ফলত বন্দে ভাৰত, ৰাজধানী, শতাব্দী আৰু দুৰন্তৰ দৰে সকলো উচ্চ শ্ৰেণীৰ ৰেলৰ টিকটৰ দামো বৃদ্ধি পাইছে। যদিও চুটি দূৰত্বৰ যাত্ৰী আৰু ছিজন টিকটৰ ক্ষেত্ৰত ভাড়া বঢ়োৱা নাই বুলি সান্ত্বনা দিয়া হৈছে, তথাপিও দূৰ দূৰণিৰ যাত্ৰীসকলৰ বাবে এয়া এক ডাঙৰ বোজা হিচাপে পৰিগণিত হৈছে। ২৬ ডিচেম্বৰ বা তাৰ পাছত বুক কৰা প্ৰতিটো টিকটৰ বাবে যাত্ৰীয়ে এতিয়া বৰ্ধিত হাৰত ধন আদায় দিব লাগিব। চৰকাৰৰ এই জনবিৰোধী স্থিতিক লৈ এতিয়া সমগ্ৰ দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। সাধাৰণ ৰাইজৰ মতে, সেৱাৰ মান উন্নত কৰাৰ পৰিৱৰ্তে চৰকাৰে কেৱল বাৰে বাৰে ভাড়া বৃদ্ধি কৰি ৰাইজৰ সমস্যাহে দুগুণ কৰিছে। Share this:FacebookX Related Post navigation চাণ্টা ক্লজক লৈ ৰাজনৈতিক বিতৰ্কঃ ধৰ্মীয় অনুভূতিত আঘাত হনাৰ অভিযোগত ৩ আপ নেতাৰ বিৰুদ্ধে গোচৰ ১৭ বছৰীয়া নিৰ্বাসনৰ অন্তত দেশলৈ উভতিল তাৰেক ৰহমানঃ বাংলাদেশত ঐক্য আৰু শান্তিৰ আহ্বান