প্ৰৱঞ্চনা ৰোধৰ বাবে সালসলনি কৰা হৈছে তৎকাল টিকট বুকিংৰ নিয়ম। ১ জুলাইৰ পৰা আধাৰ নম্বৰেৰে টিকট বুকিং কৰাটো হৈছে বাধ্যতামূলক।সলনি হৈছে ৰে’লৱেৰ নিয়ম।ৰে’লৱেৰ টিকট বুকিঙৰ নিয়ম পৰিৱৰ্তন। এতিয়া এই কাম নকৰাকৈ তৎকাল টিকট বুকিং কৰিব নোৱাৰিব। ১৫ জুলাইৰ পৰা আৰম্ভ হৈছে নতুন নিয়ম। তৎকাল টিকট বুকিং কৰাসকলে এতিয়াৰে পৰা এই প্ৰক্ৰিয়া অনুসৰণ কৰি টিকট ক্ৰয় কৰিব লাগিব।এতিয়াৰে পৰা যাত্ৰীসকলে তৎকাল টিকট বুকিং কৰিবলৈ আধাৰ নম্বৰ দিব লাগিব। পঞ্জীয়নভুক্ত মোবাইল নম্বৰত অ’টিপি পোৱাৰ পিছতহে তেওঁলোকে পৰৱৰ্তী পদক্ষেপলৈ আগবাঢ়িব পাৰিব। আই আৰ চি টি চিৰ ৱেবছাইট, মোবাইল এপ বা পি আৰ এছ কাউণ্টাৰৰ পৰাই হওক, তৎকাল টিকট বুকিং কৰিবলৈ ৱান টাইম পাছৱৰ্ডৰ প্ৰয়োজন হ’ব। Share this:FacebookX Related Post navigation ছানফিষ্ট ৱাওজাৰ্ছৰ প্ৰতিটো কামোৰত ‘ৱাও’ লৈ আহিছে শ্বাহৰুখ খানে মমতা বেনাৰ্জীৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ মন্তব্য