কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰাৰ এক গোচৰত বৃহস্পতিবাৰে চুলতানপুৰ আদালতত হাজিৰ হয় কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধী । ভাষ্য প্ৰদানৰ বাবে আদালতত হাজিৰ হোৱাৰ লগে লগে আদালতৰ বাহিৰত বহু সংখ্যক কংগ্ৰেছ নেতা-কৰ্মীয়ে ভিৰ কৰে । আদালত চৌহদৰ বাহিৰতো বহু কৰ্মী সমবেত হয় ।ইফালে ৰাহুল গান্ধীৰ সুৰক্ষাৰ বাবে মোতায়েন কৰা হৈছিল আৰক্ষী বাহিনী । নিৰাপত্তা ব্যৱস্থাও কটকটীয়া কৰা হয় । ডগ স্কোৱাডৰ দলেও আদালত চৌহদ তন্ন-তন্নকৈ পৰীক্ষা কৰে । ইফালে ৰাহুল গান্ধীয়ে আদালতত প্ৰৱেশ কৰি নিজৰ ভাষ্য প্ৰদান কৰে । তেওঁৰ লগত কেইবাগৰাকী অধিবক্তাও উপস্থিত থাকে । Share this:FacebookX Related Post navigation বিৰোধীৰ আসন বুজাবুজি হ’লে অসমত আহিব ‘ছুনামি’; সৰুপথাৰত বিজেপিৰ বিৰুদ্ধে হুংকাৰ অজাপ নেতা চিত্তৰঞ্জন বসুমতাৰীৰ অসম ভ্ৰমণলৈ আহি জুবিন বন্দনা কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ