অসমৰ ডিমা হাছাও জিলাৰ লামডিং-বদৰপুৰ পাহাৰীয়া ৰেলপথত সোমবাৰে এক ভয়ংকৰ ৰেল দুর্ঘটনা সংঘটিত হয়, য’ত কাঞ্চনজংঘা এক্সপ্ৰেছ আৰু এক বনৰীয় ম’বাৰ জাকৰ মাজত সংঘর্ষ ঘটে। নিউ হাফলং ৰেল ষ্টেচনৰ নিকটস্থ ১৬ নম্বৰ সুৰংগত প্ৰায় ১১:৫৫ বজাত সংঘৰ্ষটো হয়, ফলত ৮ টা মবৰ মৃত্যু ঘটে আৰু আন কেইবাটাও পশুধন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। ৰেল বিভাগের কৰ্তৃপক্ষ ঘটনাৰ খবৰ পোৱাৰ লগে লগে উদ্ধার অভিযান আৰম্ভ কৰে আৰু মৃতদেহসমূহ উদ্ধার কৰি ৰেলপথ পুনৰ চলাচলৰ বাবে তৎকালিক ব্যৱস্থা গ্ৰহণ কৰে। ৰেলখনৰ যাত্ৰা পুনৰ আৰম্ভ কৰিছে, আৰু যদিও কোনো যাত্রী বা কৰ্মচাৰী হতাহত হোৱা নাই, কিন্তু ভবিষ্যতে এনে ঘটনা ৰোধৰ বাবে সুৰক্ষা ব্যৱস্থা পুনৰীক্ষণ কৰা হব। এই ঘটনা সমগ্ৰ ডিমা হাছাও জিলাত চাঞ্চল্য সৃষ্টি কৰিছে। Share this:FacebookX Related Post navigation ভোটৰ আগমুহূর্তত প্ৰচাৰৰ অন্ত; অসমত সন্ধিয়া ৫ বজাৰ পৰা নীৰৱতা নিয়ম জাৰি