লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীৰ সাম্ভাব্য অযোধ্যা ভ্ৰমণক লৈ উত্তৰ প্ৰদেশৰ ধৰ্মীয় আৰু ৰাজনৈতিক মহলত সৃষ্টি হৈছে এক তীব্ৰ বিতৰ্কৰ। জ্যোতিৰ্মঠৰ শংকৰাচাৰ্য স্বামী অবিমুক্তেশ্বৰানন্দই ৰাহুল গান্ধীক ৰাম মন্দিৰত প্ৰৱেশ কৰিবলৈ অনুমতি নিদিবলৈ শ্ৰী ৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰ ট্ৰাষ্টৰ ওচৰত দাবী জনায়। ২০২৪ চনৰ ৰাম ললাৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানক কংগ্ৰেছ দলে ‘ৰাজনৈতিক নাটক’ আখ্যা দিয়াৰ পৰিপ্ৰেক্ষিতত একাংশ সাধু-সন্তই এতিয়া তীব্ৰ বিৰোধিতা কৰিছে ৰাহুল গান্ধীৰ। শংকৰাচাৰ্যগৰাকীয়ে আনকি ৰাহুল গান্ধীয়ে হিন্দু ধৰ্মৰ বিৰুদ্ধে কথা কোৱাৰ অভিযোগ তুলি তেওঁক ধৰ্মৰ পৰা ‘বহিষ্কাৰ’ কৰা উচিত বুলিও মন্তব্য কৰে। অযোধ্যাৰ একাংশ সাধুৱেও অবিমুক্তেশ্বৰানন্দৰ এই দাবীক সমৰ্থন জনোৱা পৰিলক্ষিত হৈছে। ইফালে, ৰাজ্যিক বিজেপিৰ নেতাসকলে ৰাহুল গান্ধীৰ এই সাম্ভাব্য ভ্ৰমণক আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে এক ‘ফটো ছেছন’ আৰু ‘ৰাজনৈতিক চমক’ বুলি অভিহিত কৰিছে। বিজেপিৰ মতে, নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত হিন্দু ভোটৰ স্বাৰ্থতহে কংগ্ৰেছ নেতাজনে ধৰ্মীয় আৱেগক ব্যৱহাৰ কৰিব বিচাৰিছে। যদিও কংগ্ৰেছৰ তৰফৰ পৰা এই ভ্ৰমণৰ কোনো চৰকাৰী ঘোষণা কৰা হোৱা নাই, তথাপিও দলীয় সাংসদ তনুজ পুনিয়াই অনাগত দিনত ৰাহুল গান্ধীয়ে ৰাম মন্দিৰ দৰ্শন কৰাৰ সম্ভাৱনা আছে বুলি ইংগিত দিয়ে। Share this:FacebookX Related Post navigation বিশিষ্ট সাংবাদিক তথা ‘প্ৰান্তিক’ৰ সম্পাদক প্ৰদীপ বৰুৱাৰ পৰলোকপ্ৰাপ্তি লালকিল্লাত সন্ত্রাসবাদী আক্ৰমণৰ সৈতে জড়িত ধনৰ লেনদেনঃ আল-ফালাহ বিশ্ববিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে ইডিৰ চাৰ্জশ্বীট