আজি ২০ জুন। সমগ্ৰ ৰাজ্যই আজি কলাগুৰুক স্মৰণ কৰি পালন কৰিব বিষ্ণু প্ৰসাদ ৰাভা দিৱস। অসমীয়া সমাজ-সংস্কৃতিলৈ ৰাভাৰ অৱদান অতুলনীয়।তেওঁ আছিল একেধাৰে শিল্পী, কবি, সাহিত্যিক, নাট্যকাৰ,সংগীতজ্ঞ, নৃত্যবিদ, চিত্ৰকৰ, অভিনেতা, সংগঠক আৰু মুক্তি যুঁজাৰু। অসমীয়া সমাজ-সংস্কৃতিৰ অন্যতম বাটকটীয়া। ৰাভাই অসমীয়া সমাজ জীৱনলৈ যি অৱদান আগবঢ়াই থৈ গৈছে তাৰ বাবে হয়তো সমগ্ৰ অসময়ী চিৰঋণী। এইগৰাকী মহাব্যক্তিৰ মৃত্যু তিথিত প্ৰতিবছৰে বিষ্ণু প্ৰসাদ ৰাভা দিৱস পালন কৰা হয়। বিষ্ণুপ্ৰসাদ ৰাভাৰ জন্ম হৈছিল ১৯০৯ চনৰ ৩১ জানুৱাৰীত বেঙ্গল প্ৰেসিডেন্সি (এতিয়াৰ বাংলাদেশ) ৰ ঢাকাত। তেওঁৰ পিতৃৰ নাম আছিল গোপাল চন্দ্ৰ ৰাভা আৰু মাতৃৰ নাম গেথীবালা ৰাভা। জন্মসূত্ৰে গোপাল চন্দ্ৰ মুছাহাৰী বড়ো জনগোষ্ঠীৰ হ’লেও তেখেত এটা ৰাভা পৰিয়ালত ডাঙৰ হৈছিল। যাৰ বাবে পাছলৈ তেওঁলোকে ৰাভা উপাধি গ্ৰহণ কৰিছিল।১৯৩৫-৩৭ চনত ৰাভাই ‘জয়মতী’ আৰু ‘শোণিত কুঁৱৰী’ নাটকৰ বাণীবদ্ধ ৰূপ প্ৰস্তুত কৰিছিল। তেওঁ ১৯৩৯ চনত কাশী হিন্দু বিশ্ববিদ্যালয়ৰ আমন্ত্ৰণ ক্ৰমে বাৰানসীত ‘তাণ্ডৱ নৃত্য’ প্ৰদৰ্শন কৰি খ্যাতি অৰ্জন কৰিছিল।বিষ্ণু প্ৰসাদ ৰাভাই ১৯৩৭ চনৰ ২৪ নবেম্বৰত যোৰহাটৰ সুগায়িকা প্ৰিয়লতা দত্তৰ লগত বিবাহপাশত আবদ্ধ হয় যদিও মাত্ৰ ২৮ দিন সংসাৰ পতাৰ পিছতে ১৯৩৭ চনৰ ২২ ডিচেম্বৰত প্ৰিয়লতা দত্তৰ মৃত্যু হয়। পত্নী শোকত বিহ্বল হৈ ৰাভাই লিখিছিল- ‘‘পৰজনমৰ শুভ লগনত/যদিহে আমাৰ হয় দেখা/পুৰাবানে প্ৰিয়ে এই জনমৰ/মোৰ হিয়াৰ অপূৰ্ণ আশা। ‘’ Share this:FacebookX Related Post navigation ইৰাণ আৰু ইজৰাইলৰ মাজত ক্ৰমবৰ্ধমান উত্তেজনাৰ মাজতে ভাৰতৰ অপাৰেচন সিন্ধু অব্যাহত