বৃহস্পতিবাৰে ভাৰতত উপস্থিত হোৱা ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক শুকুৰবাৰে পুৱা আনুষ্ঠানিক আদৰণি জনোৱা হয় ৰাষ্ট্ৰপতি ভৱনত ৷ পুটিনক আদৰণি জনায় ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । ৰাষ্ট্ৰপতি ভৱনত পুটিনক গাৰ্ড অৱ অনাৰ প্ৰদান কৰা হয় । ৰাছিয়া আৰু ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতো পৰিৱেশন কৰা হয় ।উক্ত অনুষ্ঠানত এছ জয়শংকৰ আৰু সৰ্বানন্দ সোণোৱালসহ চাৰিগৰাকী কেন্দ্ৰীয় মন্ত্ৰী, দিল্লীৰ লেফটেনেণ্ট গৱৰ্ণৰ ভি কে ছাক্সেনা, চি ডি এছ জেনেৰেল অনিল চৌহানকে ধৰি বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে । ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ইজনে সিজনৰ দেশৰ বিশিষ্ট ব্যক্তিৰ সৈতে চিনাকি কৰাই দিয়ে । ৰাছিয়াৰ বিশিষ্ট ব্যক্তিসকলৰ ভিতৰত আছিল ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰী আন্দ্ৰে বেলৌছভ আৰু ক্ৰেমলিনৰ সহায়ক ডিমিট্ৰি পেস্কোভ । Share this:FacebookX Related Post navigation গুৱাহাটীলৈ সংগীতানুষ্ঠানৰ বাবে আহিব পোষ্ট মেল’ন আপুনি জানেনে পালেঙৰ বিভিন্ন উপকাৰী গুণ আছে