বিলুপ্তপ্ৰায় হাড়গিলা সংৰক্ষণৰ কাৰণে কৰি অহা নিৰলস প্ৰচেষ্টাৰ বাবে উচ্চ প্ৰশংসিত বন্যপ্ৰাণী সংৰক্ষণবিদ তথা অগ্ৰণী জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকৰ জ্যেষ্ঠ জীৱবিজ্ঞানী ড: পূৰ্ণিমা দেবী বৰ্মনক জাৰ্মানীৰ ষ্টুটগাৰ্টৰ “উইলহেমা জুলজিকেল এণ্ড বোটানিকেল গাৰ্ডেন”ৰ অক্টোবৰ মাহৰ পৰিৱেশ শিক্ষা কাৰ্যসূচীলৈ বিশিষ্ট অতিথি হিচাপে নিমন্ত্ৰণ জনোৱা হৈছে । ৰাষ্ট্ৰসংঘৰ চেম্পিয়ন অৱ দ্যা আৰ্থ বঁটা প্ৰাপক তথা “হুইটলে ফাণ্ড ফৰ নেচাৰ”য়ে প্ৰদান কৰা গ্ৰীণ অস্কাৰ খ্যাত “হুইটলে গ’ল্ড এৱাৰ্ড”ৰ দুবাৰৰ বিজয়ী ড: বৰ্মনে এই কাৰ্যসূচীত পৰিৱেশ শিক্ষা বিষয়ক বিভিন্ন অধিবেশন, কৰ্মশালা, বক্তৃতা, খেল-ধেমালি আৰু হস্তকলাৰ জৰিয়তে তেওঁৰ সংৰক্ষণ কৰ্মৰ বিষয়ে মত-বিনিময় কৰিব ।

 ৮ অক্টোবৰৰ পৰা আৰম্ভ হোৱা আৰু ১২ অক্টোবৰলৈ জাৰ্মানীৰ লেইপজিগ চিৰিয়াখানাত চলিবলগা অতি সন্মানীয় ইউৰোপীয় চিৰিয়াখানা আৰু একুৰিয়াম সংস্থাৰ (এফ এ জেদ এ) বাৰ্ষিক সন্মিলনৰ অতিথি বক্তা হিচাপেও তেওঁক নিমন্ত্ৰণ জনোৱা হৈছে। তেওঁ অসমত বিলুপ্তপ্ৰায় হাড়গিলা (গ্ৰেটাৰ এডজুটেণ্ট ষ্টৰ্ক) আৰু মানুহৰ সহাৱস্থান আৰু “এডজুটেণ্ট ষ্টৰ্ক” আৰু অন্যান্য পক্ষী প্ৰজাতিৰ বাবে ফলপ্ৰসূ পৰিৱেশ শিক্ষাৰ আৰ্হি বিষয়ক দুটা বক্তৃতা দিব ।

ইতিমধ্যে ষ্টুটগাৰ্টত উপস্থিত হোৱা ড: বৰ্মনে পৰিৱেশ শিক্ষা আৰু হাড়গিলা সংৰক্ষণ সজাগতা বিষয়ক শিক্ষা বিনিময় কাৰ্যসূচীৰ আৰম্ভণি কৰিছে। জাৰ্মানীত থকা সময়ছোৱাত ড০ বৰ্মনে সংৰক্ষণৰ প্ৰচেষ্টাত সহযোগিতা আৰু বিপন্ন প্ৰজাতিৰ বিষয়ে সজাগতা বৃদ্ধিৰ অৰ্থে মিউনিখৰ চিৰিয়াখানা,  ফ্ৰেংকফুৰ্ট চিৰিয়াখানাকে ধৰি কেইবাখনো ইউৰোপীয় চিৰিয়াখানা ভ্ৰমণ কৰিব।

Leave a Reply

Your email address will not be published. Required fields are marked *