ষট পূজাৰ উপলক্ষে গুৱাহাটী মহানগৰীত যান-বাহন চলাচলকলৈ বিশেষ নিৰ্দেশনা জাৰি কৰিছে যান-বাহন আৰক্ষীয়ে। ২৭ আৰু ২৮ অক্টোবৰৰ বাবে এই নিৰ্দেশনা জাৰি কৰিছে গুৱাহাটী প্ৰশাসনে।আৰক্ষী উপায়ুক্ত (যান-বাহন) কার্যালয়ে প্ৰকাশ কৰা এক বিবৃতিত কোৱা হৈছে যে, এই নির্দেশনা ২৭ অক্টোবৰৰ পুৱা ১১ বজাৰ পৰা ২৮ অক্টোবৰৰ পুৱা ১১ বজালৈ প্রযোজ্য হ’ব।২৭ অক্টোবৰৰ পুৱা ১১ বজাৰ পৰা ২৮ অক্টোবৰৰ পুৱা ১১ বজালৈ গুৱাহাটী মহানগৰীৰ ভিতৰত কোনো বাণিজ্যিক সামগ্রী বহন কৰা বাহন তথা অন্য কোনো গধুৰ বাহন চলাচলত নিষেধাজ্ঞা আৰোপ কৰিছে।মাছখোৱা পইণ্টৰ পৰা মুখ্য ন্যায়াধীশৰ বাংলো পইন্ট, এম জি ৰোডত পূজাৰ সামগ্ৰী আৰু ভক্তক কঢ়িয়াই নিয়া বাহনৰ বাহিৰে অন্য কোনো বাহন চলাচল কৰিব নোৱাৰিব।২৭ অক্টোবৰৰ পুৱা ১১ বজাৰ পৰা ২৮ অক্টোবৰৰ পুৱা ১১ বজা পর্যন্ত ঠেলা, ৰিক্সা, ঘোঁৰা গাড়ী আদি ধীৰগতিৰ বাহনসমূহ মাছখোৱা পইণ্টৰ পৰা মুখ্য ন্যায়াধীশৰ বাংলো পইন্টলৈ, এম জি ৰোডত চলাচল কৰিব নোৱাৰিব। কিন্তু পূজাৰ সামগ্ৰী বহন কৰা ধীৰগতিৰ বাহনসমূহৰ ক্ষেত্ৰত এই নিষেধাজ্ঞা প্রযোজ্য নহয়।ভক্তসকলক কেৱল চাৰিচকীয়া বাহন ব্যৱহাৰৰ অনুমতি দিয়া হ’ব। ছয়চকীয়া বাহন চলাচলত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।এইচ বি ৰোডৰ শনি মন্দিৰৰ পৰা পাণবজাৰ আৰক্ষী পইণ্টলৈ, বাহনসমূহ দুই দিশেৰে চলাচল কৰিব পাৰিব।সকলো পূজা সমিতিক অনুৰোধ জনাইছে যে, যাতে পূজা স্থানৰ ওচৰত কোনো বাহন ৰখোৱাত অনুমতি দিয়া নহয়। লগতে নিৰাপদ দূৰত্বত নিদিষ্ট পার্কিং স্থান নির্ধাৰণ কৰি স্পষ্টভাৱে ছাইন-বোর্ড স্থাপন কৰিব লাগিব যাতে বিশৃংখল পার্কিং নহয়।পূজা সমিতিসমূহক পর্যাপ্ত সংখ্যক স্বেচ্ছাসেৱক নিযুক্তি দিয়াৰ বাবে অনুৰোধ জনোৱা হৈছে।এ টি ৰোডত ভৰলুমুখৰ পৰা পাণবজাৰ অভাৰত্ৰীজৰ দক্ষিণ পইন্টলৈকে ২৭ অক্টোবৰৰ পুৱা ৭বজাৰ পৰা ২৮ অক্টোবৰত অনুষ্ঠান সম্পূর্ণ নোহোৱা পর্যন্ত কোনো বাহন ৰখাই থোৱাত নিষেধাজ্ঞা জাৰি কৰা হৈছে।এম এল এন ৰোড, এ আৰ বি ৰোড, এছ এছ ৰোড, এছ আৰ চি বি ৰোড, এইচ বি ৰোড আৰু টি আৰ পি ৰোডত বাহন পাৰ্কিং কৰিব নোৱাৰিব।খানাপাৰাৰ দিশৰ পৰা ভৰলুমুখলৈ অহা সকলো চিটি বাছে জি এছ ৰোড এ টি ৰোড ব্যৱহাৰ কৰিব লাগিব আৰু এইসমূহ বাছক পাণবজাৰৰ ফালে আৰ অ’ বি হৈ ঘূৰি যোৱাৰ অনুমতি দিয়া নহ’ব। Share this:FacebookX Related Post navigation পঁইতা ভাতৰ অসাধাৰণ স্বাস্থ্য উপকাৰিতা অভিনেতা ছলমান খানৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তান