গুৱাহাটী বিশ্ববিদ্যালয়ৰ বেডমিণ্টন দলটোৱে ১৭ৰ পৰা ২১ ডিচেম্বৰলৈ ওড়িশাৰ সম্বলপুৰ বিশ্ববিদ্যালয়ত অনুষ্ঠিত হ’বলগীয়া পূৱ মণ্ডল আন্তঃবিশ্ববিদ্যালয় বেডমিণ্টন প্ৰতিযোগিতা (পুৰুষ) ভাগ লোৱাৰ উদ্দেশ্যে গুৱাহাটীৰ পৰা ৰেলযোগে ৰাওনা হৈছে। ডঃ নিতুল কলিতাৰ নেতৃত্বত যোৱা দলটোৰ খেলুৱৈসকল হল ক্ৰমে -; দৰং মহাবিদ্যালয়ৰ সৰফু ৰংহাং, অভিৰুচি শাৰীৰিক শিক্ষা প্ৰতিষ্ঠানৰ সাগ্নিক তালুকদাৰ, ষ্টাৰন সিনহা, সৌমিক পোদ্দাৰ আৰু আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ চাৰফৰাজ হুছেইন। বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ননীগোপাল মহন্ত, পঞ্জীয়ক অধ্যাপক উৎপল শৰ্মা আৰু ছাত্ৰ কল্যাণ সঞ্চালক আৰু বিশ্ববিদ্যালয়ৰ ক্ৰীড়া পৰিষদৰ সাধাৰণ সম্পাদক ডঃ ৰঞ্জন কুমাৰ কাকতিয়ে এটা বিবৃতিত যাত্ৰাৰ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে তাত উন্নত প্ৰদৰ্শনৰে যাতে বিশ্ববিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই আনিব পাৰে তাৰ কামনা কৰিছে। উল্লেখযোগ্য যে খেলুৱৈসকলক নিৰ্বাচিত কৰিছিল বিশ্বজিৎ ঘোষে। Share this:FacebookX Related Post navigation মিনি নিলামত ছয় অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰ ৪৫.৭০ কোটি টকাত বিক্ৰী মেৰী কমৰ মানৱীয়তাঃ মণিপুৰৰ আশ্ৰয়হীন লোকক কম্বল বিতৰণ আৰু বিনামূলীয়া বক্সিং প্ৰশিক্ষণৰ ঘোষণা