এটা বিশেষ সম্প্ৰদায়ৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীয়ে আগবঢ়োৱা বিতৰ্কিত মন্তব্যৰ পাছতে এতিয়া ন্যায় বিচাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে ৰাজ্যৰ ৪৩ গৰাকী বিশিষ্ট নাগৰিক। বৃহস্পতিবাৰে মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰলৈ প্ৰেৰণ কৰা এখন পত্ৰত ড০ হীৰেন গোহাঁই, হৰেকৃষ্ণ ডেকা আৰু অজিত ভূঞাৰ দৰে বৌদ্ধিক মহলে এই মন্তব্যসমূহক ‘ঘৃণা ভাষণ’ হিচাপে অভিহিত কৰে। তেওঁলোকে আদালতক এই বিষয়ত স্বতঃস্ফূৰ্তভাৱে গোচৰ ৰুজু কৰি সাংবিধানিক মৰ্যাদা ৰক্ষা কৰিবলৈ অনুৰোধ জনায়। বিদ্বেষমূলক মন্তব্যৰ জৰিয়তে এক বিশেষ সম্প্ৰদায়ক লক্ষ্য কৰি লোৱা কাৰ্যক গৰিহণা দি স্বাক্ষৰকাৰীসকলে পত্ৰখনত উল্লেখ কৰিছে যে মুখ্যমন্ত্ৰীৰ ভাষণত অৰ্থনৈতিক বৈষম্য আৰু সামাজিক অপমানৰ উচটনি প্ৰতিফলিত হৈছে। বিশেষকৈ ৰিক্সাচালকক ভাড়াতকৈ কম ধন দিয়াৰ দৰে মন্তব্যই সমাজত বিভাজন আৰু বৰ্জনৰ মনোভাৱ বৃদ্ধি কৰিছে বুলি তেওঁলোকে আঙুলিয়াই দিয়ে। তেওঁলোকে কয়, “সংবিধানৰ শপত লৈ মুখ্যমন্ত্ৰীৰ দৰে এজন ব্যক্তিয়ে কোনো এটা বিশেষ ধৰ্মীয় সম্প্ৰদায়ক ৰাজহুৱাকৈ লক্ষ্য কৰি লোৱাটো গণতান্ত্ৰিক নীতিৰ পৰিপন্থী।” মুখ্যমন্ত্ৰীয়ে বিজেপি কৰ্মীসকলক ভোটাৰ তালিকাৰ বিশেষ সংশোধনীৰ সময়ত একাংশ লোকৰ বিৰুদ্ধে আপত্তি দাখিল কৰিবলৈ দিয়া নিৰ্দেশকো বিশিষ্ট নাগৰিকসকলে তীব্ৰ সমালোচনা কৰে। নিৰ্বাচন আয়োগে এই বিষয়ত কোনো পদক্ষেপ নোলোৱাত উদ্বেগ প্ৰকাশ কৰি তেওঁলোকে কয় যে এক অৰ্ধ-ন্যায়িক প্ৰক্ৰিয়াক এনেদৰে সাম্প্ৰদায়িক ৰূপ দিব নোৱাৰি। পত্ৰখনত ড০ টি আৰ বৰবৰা, অৰূপা পটংগীয়া কলিতা আৰু থমাছ মেনাম্পাৰামপিলৰ দৰে ৪৩ গৰাকী বিশিষ্ট লোকে স্বাক্ষৰ কৰিছে। ধৰ্মীয় ভিত্তিত ঘৃণা বিয়পোৱা আৰু ৰাষ্ট্ৰীয় একতাৰ বিৰুদ্ধে কাম কৰা এনে মন্তব্যৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ তেওঁলোকে ন্যায়ালয়ক আহ্বান জনায়। উচ্চ ন্যায়ালয়ে নিজা এক্তিয়াৰ প্ৰয়োগ কৰি প্ৰভাৱিত সম্প্ৰদায়টোৰ মৰ্যাদা আৰু সুৰক্ষা নিশ্চিত কৰিব লাগে বুলিও পত্ৰখনত উল্লেখ কৰা হৈছে। উল্লেখযোগ্য যে, এনে পৰিস্থিতিত ন্যায়ালয়ৰ নীৰৱতাই সাংবিধানিক শাসনৰ প্ৰতি জনসাধাৰণৰ আস্থা হ্ৰাস কৰিব পাৰে বুলিও নাগৰিকসকলে সঁকীয়াই দিছে। Share this:FacebookX Related Post navigation তীব্ৰবেগী স্কৰ্পিঅ’ৰ খুন্দাত গুৰুতৰভাৱে আহত মহিলা জোৱান, হাস্পতালত মৃত্যু মস্কোত পুনৰ হাই-প্ৰফাইল আক্ৰমণঃ দুৰ্বৃত্তৰ গুলীত আহত ৰাছিয়াৰ সামৰিক চোৰাংচোৱা উপ-মুৰব্বী