মেঘালয়ৰ পূব জয়ন্তীয়া পাহাৰ জিলাৰ থাংস্কো কয়লা খনিৰ ঘটিত দুৰ্ঘটনাৰ তদন্ত চলাই ৭ গৰাকী মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে আৰক্ষী। এই দুৰ্ঘটনাত ৩৩ গৰাকী শ্ৰমিকে প্ৰাণ হেৰুৱাইছিল। অভিযুক্তসকলৰ নাম হৈছে ফৰ্মে চিৰ্মাং, শ্বামেকী ৱাৰ, প্ৰচেছ ফৱা, টেনচিং চুচিয়াং, ইউমিকি চিয়াহ, আৰ্নেষ্ট স্বৱেৰ আৰু ৰাঙচিং চিয়েনলিহ। পুলিশে খিলেৰীয়াট থানাত গোচৰ দাখিল কৰিছে আৰু অভিযুক্তসকলৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতাৰ ১০৫ নং আৰু ১১৮ (২) নং ধাৰাৰ অধীনত কেইবাটাও অভিযোগ দাখিল কৰা হৈছে। এতিয়ালৈকে জিলাখনত অবৈধ কয়লা খননা সন্দৰ্ভত ৬২ খন এজাহাৰ দাখিল কৰা হৈছে।

পুলিশৰ অভিযানত ২৫.৫ কিলোগ্ৰাম জিলাটিন, ৭৪ টা ডিটনেটৰ, ৫ খন বাহন আৰু ১৫,২২৪ মেট্ৰিক টন কয়লাও জব্দ হৈছে, আৰু মুঠ ১৪ গৰাকী লোকক গ্ৰেপ্তাৰ কৰা হৈছে। এই অভিযানৰ ফলত অবৈধ কয়লা মাফিয়াৰ বিৰুদ্ধে বিশেষ আলোচনা সৃষ্টি হৈছে। জোখন ৩৩ গৰাকী শ্ৰমিকৰ মৃত্যুৰ ঘটনাৰ পিছত প্রশাসন কেনেকৈ জাগ্ৰত হ’ল, তাক লৈ প্রশ্ন উত্থাপন হৈছে। উচ্চস্তৰীয় তদন্ত কমিটী গঠন কৰা হৈছে যাতে সমগ্ৰ তদন্ত প্ৰক্ৰিয়া পৰ্যবেক্ষণ কৰিব পাৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *