পশ্চিমবংগত বিজেপি শাসনলৈ আহিলে ৰাজ্যখনত অভিন্ন দেৱানী বিধি (ইউচিচি) কাৰ্যকৰী হ’ব। শনিবাৰে মুৰ্ছিদাবাদ জিলাৰ জঙ্গীপুৰত এক বিশাল নিৰ্বাচনী জনসভাত অংশ লৈ এই ঘোষণা কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। তেওঁ কয় যে বংগৰ পৰা তুষ্টিকৰণৰ ৰাজনীতি চিৰদিনৰ বাবে সমাপ্ত কৰিবলৈ তেওঁলোক দায়বদ্ধ। ৰাজ্যখনত বঙালীসকলক কেতিয়াও সংখ্যালঘু হ’বলৈ দিয়া নহ’ব বুলিও এই জনসভাত মন্তব্য কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শুকুৰবাৰে মুকলি কৰা বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰক পশ্চিমবংগৰ মহাজংঘলী ৰাজৰ অন্ত পেলাব পৰা এক শক্তিশালী ৰোডমেপ বুলি অভিহিত কৰে প্ৰধানমন্ত্ৰীয়ে। তেওঁৰ মতে দেশৰ নিৰাপত্তাই বিজেপিৰ বাবে আটাইতকৈ অগ্ৰাধিকাৰৰ বিষয়। সেই লক্ষ্যৰেই ৰাজ্যখনত ছমাহৰ ভিতৰত ইউ চি চি বলবৎ কৰাৰ পৰিকল্পনা কৰা হৈছে। বংগৰ স্বকীয় পৰিচয় ৰক্ষা কৰাৰ স্বাৰ্থত এই নিৰ্বাচন এক নিৰ্ণায়ক যুদ্ধ হ’ব বুলিও তেওঁ উল্লেখ কৰে। শাসকীয় তৃণমূল কংগ্ৰেছক তীব্ৰ সমালোচনা কৰি মোদীয়ে কয় যে ৰাজ্যখনত জনগাঁথনিৰ দ্ৰুত পৰিৱৰ্তন ঘটিবলৈ ধৰিছে। পূৰ্বতে মা-মাটি-মানুহৰ শ্লোগানেৰে শাসনলৈ অহা মমতাই এতিয়া কেৱল অনুপ্ৰৱেশকাৰীৰ ভোটৰ ওপৰত নিৰ্ভৰ কৰিছে। ইয়াৰ উপৰি আৰ জি কৰ কাণ্ডৰ অপৰাধীৰ পক্ষত শাসকীয় দলটো থিয় হোৱা বুলি দাবী কৰি মোদীয়ে কয় যে বংগৰ ৰাইজে এই দুৰ্ভাগ্যজনক ঘটনা কেতিয়াও নাপাহৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে তৃণমূল চৰকাৰৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ তুলি কয় যে ৰাইজৰ ধন লুণ্ঠন কৰা প্ৰতিজন লোকৰ স্থান অতি সোনকালে কাৰাগাৰত হ’ব। বাওপন্থীৰ গুণ্ডাসকলেই এতিয়া তৃণমূলত যোগ দিছে বুলিও তেওঁ কটাক্ষ কৰে। ৰাম নৱমীৰ শুভক্ষণত দেশৰ আন প্ৰান্তত শান্তিপূৰ্ণ পৰিৱেশ বিৰাজ কৰাৰ বিপৰীতে পশ্চিমবংগত ধৰ্মীয় সমদলত আক্ৰমণ চলি থকাৰ বিষয়টোৱে এতিয়া চিন্তিত কৰি তুলিছে কেন্দ্ৰীয় চৰকাৰক। আনহাতে নিৰ্বাচনত পৰাজয় নিশ্চিত দেখি তৃণমূল কংগ্ৰেছে কৃত্ৰিম বুদ্ধিমত্তা ব্যৱহাৰ কৰি ভুৱা ভিডিঅ’ বিয়পাই থকা বুলি দাবী কৰে প্ৰধানমন্ত্ৰীয়ে। মুৰ্ছিদাবাদৰ পাট খেতিয়কসকলৰ দুৰৱস্থাৰ বাবেও তেওঁ ৰাজ্য চৰকাৰৰ অমনোযোগিতাক জগৰীয়া কৰে। ব্ৰিটিছৰ পৰা কংগ্ৰেছ আৰু বাওপন্থীলৈকে যিয়ে বংগক প্ৰত্যাহ্বান জনাইছে, তেওঁলোকৰ দৰ্প চূৰ্ণ হৈছে আৰু এইবাৰ তৃণমূলৰো একেই দশা হ’ব বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। Share this:FacebookX Related Post navigation পশ্চিমবংগত অন্ত পৰিব তৃণমূলৰ ‘চিণ্ডিকেট ৰাজ’; বিজেপি চৰকাৰ আহিলে মহিলাৰ সুৰক্ষা নিশ্চিত কৰাৰ প্ৰতিশ্ৰুতি অমিত শ্বাহৰ