ঘোষণা কৰা হ’ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণৰ বিস্তৃত কাৰ্যসূচী। দুদিনীয়া এই ভ্ৰমণসূচীত তেওঁ ৰাজ্যখনত কেইবাটাও গুৰুত্বপূৰ্ণ অনুষ্ঠানত অংশগ্ৰহণ কৰিব। মন্ত্ৰী পীযুষ হাজৰিকাই পলাশবাৰীৰ বিজেপি কাৰ্যালয়ত অনুষ্ঠিত এক বৈঠকত এই কথা ঘোষণা কৰে। তেওঁৰ ভ্ৰমণৰ অংশ হিচাপে, প্ৰধানমন্ত্ৰী মোদীয়ে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত নতুনকৈ নিৰ্মাণ কৰা টাৰ্মিনেল উদ্বোধন কৰিব। গুৱাহাটীৰ অনুষ্ঠানটোত লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ এটা প্ৰতিমূৰ্তিও উন্মোচন কৰা হ’ব। ইয়াৰ পিছতে প্ৰধানমন্ত্ৰীয়ে প্ৰায় ৭০,০০০ লোকৰ সমাৱেশত ভাষণ দিব। প্ৰধানমন্ত্ৰীয়ে গুৱাহাটীৰ বিজেপি ৰাজ্যিক কাৰ্যালয়ৰ সন্মুখত পদযাত্ৰাত অংশগ্ৰহণ কৰিব। ইয়াৰ পিছত তেওঁ নিশা গুৱাহাটীতে কটাব। ২১ ডিচেম্বৰৰ পুৱা তেওঁ ব্ৰহ্মপুত্ৰত নাৱেৰে ভ্ৰমণ কৰি ছাত্ৰ-ছাত্ৰীৰ সৈতে মত-বিনিময় কৰাৰ কথা আছে। তেওঁ বৰাগাঁৱত নতুনকৈ নিৰ্মাণ কৰা শ্বহীদ স্মাৰক ক্ষেত্ৰও পৰিদৰ্শন কৰিব। গুৱাহাটীৰ এই অনুষ্ঠানসমূহৰ পিছতে প্ৰধানমন্ত্ৰী মোদী নামৰূপলৈ যাব। তাত তেওঁ নামৰূপ ইউৰিয়া কাৰখানাত এটা নতুন সাৰ কাৰখানাৰ আধাৰশিলা স্থাপন কৰিব। মন্ত্ৰী হাজৰিকাৰ মতে, ১০,০০০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’বলগীয়া এই প্ৰকল্পই কাৰখানাটোৰ ইউৰিয়া উৎপাদন ক্ষমতা ২.৫ লাখ মেট্ৰিক টনৰ পৰা ৪.৫ লাখ মেট্ৰিক টনলৈ বৃদ্ধি কৰিব। Share this:FacebookX Related Post navigation এশ শতাংশ বিদেশী বিনিয়োগ ভাৰতৰ বীমাখণ্ডত ২২ ডিচেম্বৰত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ শুনানি