অহা ২০ ডিচেম্বৰৰ পৰা দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। বৃহস্পতিবাৰে গুৱাহাটীস্থিত বিজেপিৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত প্ৰস্তুতিৰ বুজ লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই ভ্ৰমণক অসমৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ বুলি অভিহিত কৰে। প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণৰ সময়ত কেইবাটাও ঐতিহাসিক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰা হ’ব।

প্ৰধানমন্ত্ৰীয়ে শনিবাৰে বিয়লি গুৱাহাটীত উপস্থিত হৈ প্ৰথমে লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ ৮০ ফুট উচ্চতাৰ এক বিশাল প্ৰতিমূৰ্তি উন্মোচন কৰিব। ইয়াৰ পাছতে তেওঁ ৪,০০০ কোটি টকা ব্যয়ৰে নিৰ্মিত গুৱাহাটী বিমান বন্দৰৰ নতুন টাৰ্মিনেলটো উদ্বোধন কৰি এক জনসভাত ভাষণ দিব। সেইদিনা সন্ধিয়া তেওঁ বশিষ্ঠস্থিত বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত দলীয় কৰ্মীসকলৰ সৈতে এক মত-বিনিময় অনুষ্ঠানত অংশগ্ৰহণ কৰিব। উল্লেখ্য যে, প্ৰথমবাৰৰ বাবে কোনো প্ৰধানমন্ত্ৰীয়ে ৰাজ্যিক বিজেপিৰ কাৰ্যালয় ভ্ৰমণ কৰিব।

দেওবাৰে পুৱা ব্ৰহ্মপুত্ৰৰ বুকুত চৰাইদেউ ক্ৰুজত উঠি প্ৰধানমন্ত্ৰীয়ে ২৫ গৰাকী মেধাবী ছাত্ৰ-ছাত্ৰীৰ সৈতে ‘পৰীক্ষা পে চৰ্চা’ অনুষ্ঠানত মিলিত হ’ব। মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে যে এই ক্ৰুজ যাত্ৰাই অসমৰ নদী পৰ্যটনলৈ নতুন গতি আনিব। ইয়াৰ পাছত তেওঁ অসম আন্দোলনৰ শ্বহীদসকলৰ স্মৃতিত নিৰ্মিত শ্বহীদ স্মাৰক ক্ষেত্ৰত শ্ৰদ্ধাঞ্জলি জনাব।

ভ্ৰমণৰ অন্তিম পৰ্যায়ত প্ৰধানমন্ত্ৰী নামৰূপলৈ ৰাওনা হ’ব। তাত তেওঁ ১২,০০০ কোটি টকা ব্যয়ৰে নিৰ্মাণ হ’বলগীয়া নতুন সাৰ কাৰখানাটোৰ আধাৰশিলা স্থাপন কৰিব। মুখ্যমন্ত্ৰী শৰ্মাই জনোৱা মতে, এই প্ৰকল্পটোৱে অসমৰ উদ্যোগ খণ্ড আৰু অৰ্থনীতিত এক বিশেষ মাত্ৰা প্ৰদান কৰিব। নামৰূপত এখন জনসভাত ভাষণ দি দেওবাৰে সন্ধিয়া তেওঁ নতুন দিল্লীলৈ উভতি যাব।

Leave a Reply

Your email address will not be published. Required fields are marked *