“নাগৰিক দেৱো ভৱঃ” – এই মূল মন্ত্ৰক বুকুত বান্ধি শুকুৰবাৰে নতুন দিল্লীৰ কেন্দ্ৰীয় সচিবালয় কমপ্লেক্সত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ নতুন ভৱন ‘সেৱা তীৰ্থ’ আনুষ্ঠানিকভাৱে মুকলি কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। কেৱল প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়েই নহয়, এই নৱনিৰ্মিত ভৱনটোত ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদৰ সচিবালয় আৰু কেবিনেট সচিবালয়ো অন্তৰ্ভুক্ত কৰা হৈছে। এতিয়াৰে পৰা ৰাইছিনা হিলৰ চাউথ ব্লকৰ পৰিৱৰ্তে ‘সেৱা তীৰ্থ’ৰ পৰাই পৰিচালিত হ’ব দেশৰ সৰ্বোচ্চ প্ৰশাসনীয় কাম-কাজ। ঔপনিৱেশিক মানসিকতাৰ পৰা আঁতৰি এক নতুন ভাৰতীয় পৰিচয় গঢ়ি তোলাৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিছে বুলি চৰকাৰী পক্ষই জানিবলৈ দিছে। ইয়াৰ পূৰ্বে ৰাজপথক ‘কৰ্তব্য পথ’ আৰু কেন্দ্ৰীয় সচিবালয়ৰ অট্টালিকাসমূহক ‘কৰ্তব্য ভৱন’ নামেৰে নামকৰণ কৰা হৈছিল। সেইদৰে ৰাজভৱনসমূহক ‘লোক ভৱন’ আৰু ৰাজনিবাসক ‘লোক নিবাস’ হিচাপে নতুনকৈ অভিহিত কৰা হৈছে। চৰকাৰী সূত্ৰই দাবী কৰা মতে, এই পৰিৱৰ্তনে নাগৰিকক কেন্দ্ৰ কৰি গঢ়ি তোলা এক আধুনিক আৰু দক্ষ শাসন ব্যৱস্থাৰ প্ৰতিফলন ঘটাইছে। প্ৰায় ৪-ষ্টাৰ গৃহ মানদণ্ডৰে নিৰ্মিত এই অত্যাধুনিক ভৱনটোত নবীকৰণযোগ্য শক্তি আৰু জল সংৰক্ষণৰ দৰে উন্নত ব্যৱস্থাৰ লগতে ডিজিটেলভাৱে সংলগ্ন কাৰ্যালয়ৰ সুবিধা আছে। উদ্বোধনৰ দিনা প্ৰধানমন্ত্ৰীৰ সৈতে কেন্দ্ৰীয় গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী মনোহৰ লাল আৰু পি এম অ’ৰ ৰাজ্যিক মন্ত্ৰী জীতেন্দ্ৰ সিঙো উপস্থিত থাকে। পি এম অ’ই জাৰি কৰা এক বিবৃতিত উল্লেখ কৰা হৈছে যে বিভিন্ন স্থানত সিঁচৰিত হৈ থকা পুৰণি কাৰ্যালয়সমূহক একত্ৰিত কৰাৰ ফলত এতিয়াৰে পৰা প্ৰশাসনীয় কাম-কাজত অধিক গতিশীলতা আৰু সমন্বয় আহিব। যোৱা কেইবা দশক ধৰি কেন্দ্ৰীয় ভিষ্টা এলেকাত সিঁচৰিত হৈ থকা ভগ্নপ্ৰায় আৰু পুৰণি আন্তঃগাঁথনিৰ বাবে চৰকাৰী কাৰ্য সম্পাদনত যথেষ্ট অসুবিধা হৈছিল। নতুন ভৱন কমপ্লেক্সটোৱে এই সকলোবোৰ সমস্যা সমাধান কৰি এক ভৱিষ্যতমুখী কৰ্ম-পৰিৱেশ গঢ়ি তুলিব বুলি আশা কৰা হৈছে। মোদী চৰকাৰৰ এই পদক্ষেপক ভাৰতৰ প্ৰশাসনীয় আন্তঃগাঁথনিৰ এক উল্লেখযোগ্য মাইলৰ খুঁটি হিচাপে অভিহিত কৰা হৈছে। Share this:FacebookX Related Post navigation বাজেট অধিৱেশনৰ বিৰতি; অহা ৯ মাৰ্চত পুনৰ মিলিত হ’ব সংসদৰ দুয়োখন সদন ইতিহাস ৰচনা উত্তৰ-পূৰ্বাঞ্চলতঃ ডিব্ৰুগড়ত প্ৰথম জৰুৰীকালীন বিমান অৱতৰণ কেন্দ্ৰ উদ্বোধন