গুৱাহাটীত আয়োজিত বাগুৰুম্বা দ’হৌৰ বিশাল কাৰ্যসূচীত আজি উপস্থিত থাকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। অনুষ্ঠানত প্ৰধানমন্ত্ৰীক উষ্ম আদৰণি জনায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীগৰাকীয়ে বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মক শ্ৰদ্ধাৰে স্মৰণ কৰাৰ লগতে ‘জয় বড়ো হাৰিনি’ ধ্বনিৰে অনুষ্ঠানস্থলীত এক আৱেগিক পৰিৱেশৰ সৃষ্টি কৰে। আজিৰ এই দিনটোক অসমৰ ইতিহাসৰ বাবে এক মাইলৰ খুঁটি বুলিও তেওঁ অভিহিত কৰে। মুখ্যমন্ত্ৰী শৰ্মাই কয় যে বাগুৰুম্বা নৃত্যই অসমৰ চহকী কৃষ্টি-সংস্কৃতিক প্ৰতিনিধিত্ব কৰে আৰু নতুন দিল্লীত ই ইতিমধ্যে ৰাষ্ট্ৰীয় নৃত্য হিচাপে স্বীকৃতি লাভ কৰিছে। কালীচৰণ ব্ৰহ্ম আৰু সীতানাথ ব্ৰহ্ম চৌধুৰীৰ দৰে মহান মনিষীসকলক স্মৰণ কৰি তেওঁ উল্লেখ কৰে যে এতিয়া বড়োলেণ্ড এক শান্তিৰ দ্বীপলৈ পৰিণত হৈছে। প্ৰধানমন্ত্ৰীৰ উপস্থিতিত এই ঐতিহাসিক মুহূৰ্তই বাগুৰুম্বাক বিশ্ব দৰবাৰলৈ লৈ যাব বুলিও তেওঁ আশা প্ৰকাশ কৰে। ভাষণত মুখ্যমন্ত্ৰীগৰাকীয়ে পুনৰ কয় যে যোৱা বছৰ প্ৰধানমন্ত্ৰী মোদীৰ উপস্থিতিত এটি পথ আৰু এটা মূৰ্তি বডোফাৰ নামত উছৰ্গা কৰা হৈছিল। শান্তি স্থাপন হোৱাৰ পাছত এতিয়া বড়োলেণ্ডত উন্নয়নৰ ধাৰা দ্ৰুতগতিত আগবাঢ়িছে। প্ৰধানমন্ত্ৰীৰ উপস্থিতিয়ে বড়ো জনগোষ্ঠীৰ স্বাভিমানক এক নতুন মাত্ৰা প্ৰদান কৰিছে আৰু এই বাগুৰুম্বা নৃত্যই ভাৰতৰ সাংস্কৃতিক ভেটি অধিক শক্তিশালী কৰিব বুলি মুখ্যমন্ত্ৰীয়ে দৃঢ়তাৰে মত প্ৰকাশ কৰে। Share this:FacebookX Related Post navigation আউনীআটী সত্ৰত একাদশ অসম ভাওনা সমাৰোহৰ বিশাল আয়োজনঃ ৫০০ সূত্ৰধাৰৰ নৃত্যৰে হ’ব উদ্বোধন অসমে হেৰুৱালে এক সাংস্কৃতিক ৰত্ন: বেহেলা বাদক মিনতি খাউণ্ডৰ দেহাৱসান