অসম বিধানসভা নিৰ্বাচন চমু চাপি অহাৰ পৰিপ্ৰেক্ষিতত চলিত মাহতে ৰাজ্যলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। দেওবাৰে উত্তৰ গুৱাহাটীৰ চাংসাৰিত অনুষ্ঠিত এক সম্বৰ্ধনা অনুষ্ঠানৰ মাজতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা জানিবলৈ দিয়ে। মুখ্যমন্ত্ৰীগৰাকীয়ে জনোৱা মতে ১৭ আৰু ১৮ জানুৱাৰীত অসম ভ্ৰমণৰ বাবে প্ৰধানমন্ত্ৰী মোদীক নিমন্ত্ৰণ জনোৱা হৈছে। একেদৰে ২৯ জানুৱাৰীত ৰাজ্যলৈ আহিবলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক আমন্ত্ৰণ জনোৱা হৈছে। প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণসূচী চূড়ান্ত হ’লে যোৱা ১১ বছৰত নৰেন্দ্ৰ মোদীৰ এয়া হ’ব ৩৭ সংখ্যক অসম ভ্ৰমণ। ইফালে ১৭ জানুৱাৰীত সৰুসজাই ক্ৰীড়া প্ৰকল্পত প্ৰধানমন্ত্ৰীৰ উপস্থিতিত এক বৃহৎ সাংস্কৃতিক কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানত প্ৰায় ১০,০০০ নাচনীয়ে একেলগে বাগৰুম্বা নৃত্য পৰিৱেশন কৰিব। মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী বিমল বৰাৰ সৈতে সৰুসজাই ক্ৰীড়া প্ৰকল্প ভ্ৰমণ কৰি প্ৰস্তুতিৰ বুজ লৈছে। তদুপৰি ১২ জানুৱাৰীৰ পৰা ১৫ জানুৱাৰীলৈ সমগ্ৰ অসমৰ শিল্পীসকলৰ উপস্থিতিত সৰুসজাইত আখৰা অনুষ্ঠিত হ’ব। সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই জানিবলৈ দিয়া মতে এই বৃহৎ কাৰ্যসূচী সুচাৰুৰূপে সম্পাদন কৰিবলৈ সকলো যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে। উল্লেখ্য যে, যোৱা ২৯ ডিচেম্বৰত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অসম ভ্ৰমণলৈ আহি জ্যোতি-বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰ আৰু আৰক্ষী আয়ুক্তালয়ৰ নতুন ভৱনৰ দৰে কেবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্প উদ্বোধন কৰিছিল। বৰ্তমান ৰাজ্য চৰকাৰে দুই কেন্দ্ৰীয় নেতাৰ ভ্ৰমণৰ বাবে প্ৰস্তুতি চলাই আছে। Share this:FacebookX Related Post navigation নাপালে সকাহ! উমৰ খালিদ আৰু ছাৰ্জিল ইমামৰ জামিন আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ অহা দুদিনলৈকে ৰাজ্যত অব্যাহত থাকিব কুঁৱলীৰ প্ৰকোপঃ নিম্নগামী তাপমাত্ৰা