দেশৰ গ্ৰাম্য অৰ্থনীতিৰ আমূল পৰিৱৰ্তন আৰু কৰ্মসংস্থাপনৰ অধিকাৰক অধিক সুৰক্ষিত কৰাৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা এক ঐতিহাসিক পদক্ষেপত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে সন্মতি প্ৰদান কৰিছে। সংসদৰ শীতকালীন অধিৱেশনত গৃহীত হোৱা ‘বিকশিত ভাৰত-জি আৰ এ এম জি’ (Viksit Bharat-G RAM G) বিল-২০২৫ত ৰাষ্ট্ৰপতিৰ স্বাক্ষৰৰ লগে লগে এতিয়া ই এক পূৰ্ণাংগ আইনত পৰিণত হ’ল। এই নতুন আইনখনে পূৰ্বৰ ২০০৫ চনৰ ‘মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিতকৰণ আইন’ (MGNREGA) ক প্ৰতিষ্ঠাপন কৰিবলৈ সক্ষম হয়। গ্ৰাম্য উন্নয়ন মন্ত্ৰালয়ে জনোৱা অনুসৰি, এই আইনখন গ্ৰাম্য নিয়োগ নীতিৰ পৰিৱৰ্তনৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে বিবেচিত হ’ব। নতুন ব্যৱস্থা অনুসৰি, এতিয়াৰে পৰা প্ৰতিটো গ্ৰাম্য পৰিয়ালে প্ৰতি বিত্তীয় বৰ্ষত ১২৫ দিনৰ বিধিবদ্ধ মজুৰিযুক্ত নিয়োগৰ গেৰাণ্টি লাভ কৰিবলৈ সক্ষম হ’ব। পূৰ্বৰ আইনত থকা ১০০ দিনৰ নিয়োগৰ পৰিসৰ বৃদ্ধি কৰি চৰকাৰে গ্ৰাম্য লোকসকলৰ জীৱন ধাৰণৰ মান উন্নত কৰাৰ প্ৰয়াস কৰিছে। সমগ্ৰ দেশতে এক সংপৃক্তভিত্তিক সেৱা প্ৰদান আৰু সৰ্বাংগীণ বিকাশৰ লক্ষ্যৰে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। এই নতুন আইনে কেৱল নিয়োগৰ দিন বৃদ্ধিতেই ক্ষান্ত নাথাকি সৱলীকৰণ, অন্তৰ্ভুক্তিমূলক বৃদ্ধি আৰু উন্নয়নমূলক পদক্ষেপসমূহৰ একত্ৰীকৰণতো গুৰুত্ব প্ৰদান কৰিব বুলি মন্তব্য কৰে চৰকাৰে। গ্ৰাম্য উন্নয়ন মন্ত্ৰালয়ৰ মতে, এই আইনে গাঁও অঞ্চলৰ দৰিদ্ৰ জনসাধাৰণৰ আৰ্থিক নিৰাপত্তা নিশ্চিত কৰাৰ লগতে দেশৰ সামগ্ৰিক উন্নয়নৰ ধাৰাটো অধিক তৰান্বিত কৰিবলৈ সক্ষম হ’ব। Share this:FacebookX Related Post navigation বক্স অফিচত ‘ধুৰন্ধৰ’ৰ ধুমুহাঃ ৮০০ কোটিৰ ক্লাবত প্ৰৱেশ কৰি গঢ়িলে নতুন অভিলেখ নগাঁও–কাৰ্বি আংলঙত অভিযানঃ সীমান্তত কটকটীয়া পহৰাৰ মাজতে ১৯ অনুপ্ৰৱেশকাৰী বিতাড়িত