বৰ্তমানৰ গোলকীকৰণৰ যুগত আধুনিক ভাষাৰ পয়োভৰৰ মাজতো নিজৰ শিপা আৰু স্বকীয়তা ধৰি ৰখাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে। সোমবাৰে জামছেদপুৰৰ সমীপৱৰ্তী কাৰাণ্ডিহৰ দিশম জাহেৰথান প্ৰাংগণত আয়োজিত চাওতালী ভাষাৰ ‘অল চিকি’ লিপিৰ শতবৰ্ষ উদযাপন অনুষ্ঠানত অংশ লৈ ৰাষ্ট্ৰপতিগৰাকীয়ে দেশৰ প্ৰতিগৰাকী নাগৰিকক নিজৰ মাতৃভাষাক কেতিয়াও পাহৰি নাযাবলৈ আহ্বান জনায়। চাওতালী ভাষাতে প্ৰদান কৰা ভাষণত তেওঁ কয় যে সকলো ভাষা শিকাৰ মাজত কোনো ক্ষতি নাই, কিন্তু নিজৰ সমাজ আৰু মানুহৰ সৈতে কথা পাতোতে সদায় মাতৃভাষা ব্যৱহাৰ কৰিব লাগে। ১৯২৫ চনত পণ্ডিত ৰঘুনাথ মুৰ্মুৱে আৰম্ভ কৰা অল চিকি আন্দোলনৰ এশ বছৰ সম্পূৰ্ণ হোৱাৰ ঐতিহাসিক ক্ষণত ৰাষ্ট্ৰপতিগৰাকীয়ে পণ্ডিত মুৰ্মুৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰি শ্ৰদ্ধা নিবেদন কৰে। জনজাতীয় সাহিত্য আৰু ভাষাৰ প্ৰসাৰৰ ক্ষেত্ৰত চৰকাৰৰ পদক্ষেপৰ বিষয়ে উল্লেখ কৰি তেওঁ কয় যে অল চিকি লিপি এতিয়া ডিজিটেল প্লেটফৰ্মতো উপলব্ধ হৈছে। লগতে বিশেষভাৱে দুৰ্বল জনজাতীয় গোটসমূহৰ উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে ২৪,০০০ কোটি টকা মুকলি কৰি দিছে বুলিও তেওঁ ভাষণত জানিবলৈ দিয়ে। অনুষ্ঠানত ৰাষ্ট্ৰপতিগৰাকীয়ে চাওতালী সাহিত্যৰ বিকাশত আগবঢ়োৱা অৱদানৰ বাবে ১২ গৰাকী বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জ্ঞাপন কৰে। এই বিশেষ কাৰ্যসূচীত ঝাৰখণ্ডৰ ৰাজ্যপাল সন্তোষ গাংৱাৰ, মুখ্যমন্ত্ৰী হেমন্ত ছোৰেন আৰু ঝাড়গ্ৰামৰ সাংসদ কালীপদ ছোৰেনো উপস্থিত থাকে। ৰাষ্ট্ৰপতিগৰাকীয়ে ভাষণৰ আৰম্ভণিতে চাওতালী ভাষাত জনজাতীয় মাতৃদেৱী ‘জাহেৰ আয়ো’ৰ প্ৰতি প্ৰাৰ্থনা সংগীত পৰিৱেশন কৰি উপস্থিত ৰাইজক একতাৰ বাবে অনুপ্ৰাণিত কৰে। Share this:FacebookX Related Post navigation শোকাবহ! বছৰৰ শেষৰ ছুটীত ফুৰিবলৈ গৈ দুৰ্ঘটনাত মৃত্যু মহিলা চিকিৎসকৰ ডাৰ্ক চকলেট আলমণ্ড অৰেঞ্জ কেকৰ সৈতে উৎসৱমুখৰ বেকিঙত এক স্বাস্থ্যকৰ টুইষ্ট যোগ কৰা হৈছে