দশক দশক ধৰি চলি থকা অপেক্ষাৰ অন্ত পেলাই এক নতুন ইতিহাস সৃষ্টিৰ দিশে অগ্ৰসৰ হৈছে দেশৰ সংসদ ব্যৱস্থা। মহিলা সংৰক্ষণ বিধেয়কখন বাস্তৱায়িত কৰাৰ লক্ষ্যৰে ১৬ এপ্ৰিলৰ পৰা ১৮ এপ্ৰিললৈ এক বিশেষ অধিৱেশন আহ্বান কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। সোমবাৰে দিল্লীৰ বিজ্ঞান ভৱনত আয়োজিত ‘নাৰী শক্তি বন্দন সন্মিলন’ত অংশ লৈ প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ২১ শতিকাৰ ভাৰতৰ বাবে এয়া এক যুগান্তকাৰী সিদ্ধান্ত।

নাৰী শক্তিৰ সবলীকৰণৰ স্বাৰ্থত চৰকাৰে দুটা গুৰুত্বপূৰ্ণ সংশোধনৰ পৰিকল্পনা কৰিছে। ২০২৩ চনৰ নাৰী শক্তি বন্দন অধিনিয়ম অনুসৰি মহিলা সংৰক্ষণ নতুন লোকপিয়ল আৰু সমষ্টি পুনৰ নিৰ্ধাৰণৰ সৈতে জড়িত আছিল। লোকপিয়লৰ কামত বিলম্ব হোৱাৰ পৰিপ্ৰেক্ষিতত চৰকাৰে এতিয়া ২০১১ চনৰ লোকপিয়লৰ তথ্যৰ ভিত্তিয়েই ২০২৯ চনৰ নিৰ্বাচনৰ পূৰ্বে ইয়াক কাৰ্যকৰী কৰাৰ বাবে প্ৰস্তুতি চলাইছে। প্ৰধানমন্ত্ৰীৰ মতে এই ঐতিহাসিক পদক্ষেপে ভাৰতৰ শাসন ব্যৱস্থাত এক নতুন কৰ্ম সংস্কৃতিৰ সূচনা কৰিব।

প্ৰধানমন্ত্ৰীয়ে লগতে কয়, “দেশৰ সংসদ এতিয়া এক নতুন ইতিহাসৰ দুৱাৰদলিত থিয় দিছে যিয়ে অতীতৰ ধাৰণাক বাস্তৱত পৰিণত কৰাৰ লগতে ভৱিষ্যতৰ সংকল্পও পূৰণ কৰিব।” তেওঁ উল্লেখ কৰে যে ৰাষ্ট্ৰপতিৰ পৰা বিত্ত মন্ত্ৰীলৈকে দেশৰ গুৰুত্বপূৰ্ণ পদসমূহ মহিলাই আজি দক্ষতাৰে চম্ভালি গৌৰৱ কঢ়িয়াই আনিছে। ২০২৩ চনত এই বিধেয়কখন সকলো দলে সৰ্বসন্মতিক্ৰমে গৃহীত কৰিছিল আৰু বিৰোধীয়েও ২০২৯ চনৰ ভিতৰত ইয়াক বলবৎ কৰাৰ বাবে দাবী জনাই আহিছিল।

নাৰী নেতৃত্বাধীন পৰিৱৰ্তনৰ প্ৰসংগ উত্থাপন কৰি মোদীয়ে জল জীৱন মিছনৰ সফলতাৰ উদাহৰণ দাঙি ধৰে। তৃণমূল পৰ্যায়ত মহিলাই লোৱা সক্ৰিয় ভূমিকাই সমগ্ৰ ব্যৱস্থাটোক অধিক সংবেদনশীল কৰি তোলে বুলিও তেওঁ মত প্ৰকাশ কৰে। ইয়াৰ উপৰি সুকন্যা সমৃদ্ধি যোজনা, মিছন ইন্দ্ৰধনুষ আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ দৰে আঁচনিৰ জৰিয়তে চৰকাৰে জন্মৰ পৰা আৰ্থিক স্বাৱলম্বিতালৈকে প্ৰতিটো স্তৰতে নাৰীক সুৰক্ষা প্ৰদান কৰাৰ প্ৰয়াস কৰি আহিছে। তেওঁ কয় যে, এতিয়া আলোচনা আৰু সহযোগিতাৰ মাধ্যমেৰে এই বিশেষ অধিৱেশনত বিধেয়কখনৰ চূড়ান্ত ৰূপ দিয়াই চৰকাৰৰ মূল লক্ষ্য।

Leave a Reply

Your email address will not be published. Required fields are marked *