সমগ্ৰ ভাৰত আৰু কেইবাখনো দেশত বৃহস্পতি বাৰে উলহ মালহেৰে প্ৰবাসী ভাৰতীয় দিৱস উদযাপন কৰা হয়, ভাৰতীয় প্ৰবাসী লোকসকলৰ অৱদানক সন্মান জনোৱাৰ বাবে বিশ্বজুৰি ভাৰতীয় দুটাবাসসমূহৰ দ্বাৰা এই অনুষ্ঠানৰ আয়োজন কৰা হৈছিল। এই উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিদেশত বাস কৰা ভাৰতীয়সকলক শুভেচ্ছা জ্ঞাপন কৰি তেওঁলোকক ভাৰত আৰু বিশ্বৰ মাজত এক শক্তিশালী সেতু হিচাপে বৰ্ণনা কৰে। ভাৰতীয় দুটাবাসসমূহে সাংস্কৃতিক আৰু মত বিনিময়মূলক কাৰ্যসূচীৰ জৰিয়তে এই দিৱস উদযাপন কৰে। জেনেভাস্থিত ৰাষ্ট্ৰসংঘৰ ভাৰতৰ স্থায়ী দুতাবাসে ভাৰতীয় মূলৰ লোকসকলৰ বাবে এক বৃহৎ সমাৱেশৰ আয়োজন কৰিছিল। চীনত, চাংহাইত থকা ভাৰতৰ কনচুলেট জেনেৰেলে ভাৰতীয় উদ্যমিতাৰ প্ৰচাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। কনছুল জেনেৰেল প্ৰতীক মাথুৰে হাংঝৌৰ পৰ্যটন কেন্দ্ৰ আৰু উদীয়মান এআই হাব পৰিদৰ্শন কৰে, য’ত তেওঁ ভাৰতীয় সম্প্ৰদায়ৰ সদস্য আৰু পৰৱৰ্তী প্ৰজন্মৰ এআই ষ্টাৰ্টআপত কাম কৰা প্ৰবাসী যুৱ নেতাসকলৰ সৈতে মত বিনিময় কৰি “মেড ইন ইণ্ডিয়া, মেড ফৰ দ্য ৱৰ্ল্ড” সমাধান গঢ়ি তোলাত তেওঁলোকৰ ভূমিকাক প্ৰশংসা কৰে। ভূটানত থকা ভাৰতীয় দূতাবাসে কয় যে এই দিৱস হৈছে বান্ধোন শক্তিশালীকৰণ আৰু দেশৰ উন্নয়নত প্ৰবাসী ভাৰতীয়ৰ অৱদানক স্বীকৃতি দিয়াৰ এক সুযোগ। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰেও প্ৰায় ৩ কোটি ৫০ লাখ প্ৰবাসী ভাৰতীয় আৰু ভাৰতীয় মূলৰ লোকসকলক শুভেচ্ছা জনাই ভাৰতৰ বিশ্বব্যাপী উপস্থিতি শক্তিশালী কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ ভূমিকাক প্ৰশংসা কৰে। প্ৰবাসী ভাৰতীয় দিৱসে ১৯১৫ চনৰ ৯ জানুৱাৰীত দক্ষিণ আফ্ৰিকাৰ পৰা মহাত্মা গান্ধীৰ উভতি অহাটো মনত পেলায় আৰু ভাৰতৰ বিকাশত বিশ্ব ভাৰতীয় সম্প্ৰদায়ৰ ভূমিকাক সন্মান জনায়। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ মতে, বিদেশী ভাৰতীয়সকলৰ পৰা প্ৰেৰণ কৰা ধন প্ৰায় ১৩০ বিলিয়ন আমেৰিকান ডলাৰ স্পৰ্শ কৰিছে, যি ভাৰতৰ জিডিপিৰ তিনি শতাংশতকৈও অধিক। গুৱাহাটীৰ ব্যৱসায়ীসকলে কয় যে, প্ৰবাসী ভাৰতীয়ৰ বৰঙণি আৰু বিদেশী চাহিদাই অসমৰ শিক্ষা, ৰিয়েল ইষ্টেট আৰু ক্ষুদ্ৰ ব্যৱসায়সমূহক সমৰ্থন অব্যাহত ৰাখিছে। বজাৰৰ আগশাৰীৰ প্ৰতিষ্ঠানসমূহে লক্ষ্য কৰিছে যে স্থিৰ প্ৰৱাহে চহৰখনত খুচুৰা বাণিজ্য, গৃহ বিনিয়োগ আৰু সেৱা খণ্ডৰ বিকাশ বৃদ্ধি কৰাত সহায় কৰে, যি স্থানীয় অৰ্থনীতিত বিশ্ব ভাৰতীয় সম্প্ৰদায়ৰ পৰোক্ষ কিন্তু দৃশ্যমান প্ৰভাৱৰ ওপৰত আলোকপাত কৰে। Share this:FacebookX Related Post navigation হৃদৰোগৰ চিকিৎসাৰ বাবে এইমছত ভৰ্তি প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড় সংগীতৰ আকাশৰ পৰা খহি পৰিল আন এক নক্ষত্ৰ, সমৰ হাজৰিকাৰ মৃত্যু