ৰাজনৈতিক আদৰ্শৰ পৰিৱৰ্তন ঘটিলেও পুৰণি সতীৰ্থৰ প্ৰতি থকা বিশ্বাস এতিয়াও অটুট ৰাখিছে সদ্য বিজেপি কৰ্মী প্ৰদ্যুৎ বৰদলৈয়ে। শনিবাৰে সংবাদমেল সম্বোধন কৰি প্ৰাক্তন কংগ্ৰেছ সাংসদগৰাকীয়ে সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে উঠা পাকিস্তানৰ সৈতে সম্পৰ্কৰ অভিযোগ পোনচাটেই নাকচ কৰে। প্ৰাক্তন মুখ্যমন্ত্রী তৰুণ গগৈৰ পুত্ৰ এনে কোনো দেশবিৰোধী কাৰ্যত জড়িত থকাটো তেওঁ কোনোমতেই বিশ্বাস নকৰে বুলি মন্তব্য কৰে।

কংগ্ৰেছ ত্যাগৰ কাৰণ দৰ্শাই বৰদলৈয়ে কয়, “দলত মোক প্ৰতিটো ক্ষেত্ৰতে অৱজ্ঞা কৰা হৈছিল আৰু চাৰিওফালে কেৱল সন্দেহৰ পৰিৱেশ বিৰাজ কৰিছিল। যিসকল নেতাই মোক আক্ৰমণ কৰিছিল তেওঁলোককহে অধিক গুৰুত্ব দিয়া হৈছিল আৰু মোক বাৰে বাৰে অপমানিত কৰা হৈছিল। ইমৰাণ মাছুদে মোৰ বক্তব্যক মিছা বুলি কোৱাৰ পাছতো গৌৰৱ গগৈয়ে এবাৰো মাত মতা নাছিল।”

১৬ বছৰ বয়সতে এন এছ ইউ আইত ভৰ্তি হোৱা বৰদলৈয়ে কয় যে কংগ্ৰেছৰ বাবেই তেওঁৰ ব্যক্তিত্ব গঢ় লৈ উঠিছিল। ১৯৭৮ চনত ইন্দিৰা গান্ধীক অসমত আদৰণি জনোৱাৰ স্মৃতি ৰোমন্থন কৰি তেওঁ কয় যে বিজেপিৰ শীৰ্ষ নেতৃত্বৰ পৰা দিছপুৰত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ তেওঁ অফাৰ লাভ কৰিছিল। কোনো চৰ্ত নোহোৱাকৈ কেৱল আত্মসন্মান ৰক্ষা আৰু অসমক আগুৱাই নিয়াৰ লক্ষ্যৰেই তেওঁ এই ‘কষ্টকৰ’ সিদ্ধান্ত গ্ৰহণ কৰা বুলি জানিবলৈ দিয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *