নৰ্থ-ইষ্ট স্মল ফাইনেঞ্চ বেংক(এনইএছএফবি)ৰ অন্তৱৰ্তীকালীন পৰিচালন সঞ্চালক আৰু মুখ্য কাৰ্যবাহী বিষয়া হিচাপে সতীশ কুমাৰ কালৰাক নিযুক্তি দিয়া হৈছে। এই নিযুক্তিৰ ক্ষেত্ৰত ভাৰতীয় ৰিজাৰ্ভ বেংকে অনুমোদন জনাইছে। “২০২৫-২৬ বৰ্ষৰ পূৰ্ণাংগ কেন্দ্ৰীয় বাজেটে বিত্তীয় অন্তৰ্ভুক্তি, গ্ৰাম্য উন্নয়ন আৰু এমএছএমইসমূহৰ বৃদ্ধিৰ দিশত কৌশলগত পদক্ষেপ লোৱা প্ৰতিফলিত কৈছে।

কিষাণ ক্ৰেডিট কাৰ্ডৰ সীমা ৫ লাখলৈ বৃদ্ধি কৰা আৰু নতুন কৰ সংস্কাৰৰ দৰে পদক্ষেপে অৰ্থনৈতিক সবলীকৰণক লাভান্বিত কৰাৰ ক্ষেত্ৰত সুষম পদ্ধতি প্ৰদৰ্শন কৰিছে। বাজেটৰ এই ইতিবাচক পদক্ষেপসমূহ বিশেষভাৱে উত্তৰ-পূবৰ দৰে অঞ্চলৰ বাবে উৎসাহজনক, য’ত ঋণ আৰু বিত্তীয় সেৱাৰ বৰ্ধিত সুবিধাই উদ্যমিতা আৰু সকলো লোকে আগুৱাই যোৱাত সহায়ক হ’ব।”

বাজেটত বিকাশ ত্বৰান্বিত কৰা, সামগ্ৰিক উন্নয়ন সুৰক্ষিত কৰা, ব্যক্তিগত খণ্ডৰ বিনিয়োগউৎসাহিত কৰা, ঘৰুৱা খণ্ডৰ পৰিৱেশ উন্নত কৰা আৰু ভাৰতৰ বৰ্ধিত মধ্যবিত্ত শ্ৰেণীৰ ব্যয়ৰ সামৰ্থ্য বৃদ্ধিৰ বাবে চৰকাৰৰ প্ৰচেষ্টা অব্যাহত ৰখা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *