ডিমা হাচাওৰ ৰাজনৈতিক সমীকৰণত এক নতুন জোকাৰণি তুলি আজি শাসকীয় দলটোৰ শক্তি বৃদ্ধিৰ উদ্দেশ্যে আয়োজন কৰা হয় এক বিশাল যোগদান কাৰ্যসূচীৰ। মাইবাঙৰ দিশ্ৰু পথাৰত অনুষ্ঠিত এই সন্মিলনত জিলাখনৰ প্ৰভাৱশালী নেতা ডেনিয়েল লাংথাছাই আনুষ্ঠানিকভাৱে নেচনেল পিপলছ পাৰ্টিত যোগদান কৰে। মেঘালয়ৰ মুখ্যমন্ত্ৰী তথা দলটোৰ ৰাষ্ট্ৰীয় সভাপতি কনৰাড চাংমাই নিজে উপস্থিত থাকি লাংথাছাক দলীয় পতাকাৰে আদৰণি জনোৱা এই ঘটনাই পাৰ্বত্য জিলাখনৰ আগন্তুক নিৰ্বাচনী যুঁজত বিশেষ প্ৰভাৱ পেলাব বুলি ধাৰণা কৰা হৈছে। লাংথাছাৰ এই যোগদান অনুষ্ঠানত মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ উপৰিও দলৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি জেমছ চাংমা, উপ-সভাপতি হেমচন্দ্ৰ সিং আৰু তিপ্ৰা মথা দলৰ প্ৰতিষ্ঠাপক প্ৰদ্যুত মাণিক্য দেববৰ্মা উপস্থিত থাকে। ডেনিয়েল লাংথাছাই তেওঁৰ বৃহৎ সংখ্যক সমৰ্থকৰ সৈতে দলটোত যোগদান কৰাৰ ফলত ডিমা হাচাও অঞ্চলত এনপিপিৰ সাংগঠনিক স্থিতি অধিক সুদৃঢ় হৈ পৰিছে। উত্তৰ-পূৰ্বাঞ্চলৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতাৰ উপস্থিতিয়ে এই কাৰ্যসূচীক এক বৃহৎ আঞ্চলিক ৰাজনৈতিক শক্তি প্ৰদৰ্শনৰ ৰূপ দিয়ে। জনসভাক সম্বোধন কৰি কনৰাড চাংমাই কয় যে ডেনিয়েল লাংথাছাৰ যোগদানে জনজাতীয় পৰিচয়, থলুৱা অধিকাৰ আৰু তৃণমূল পৰ্যায়ৰ আশা-আকাংক্ষাৰ প্ৰতি দলৰ বিশ্বাসযোগ্যতাকে প্ৰতিফলিত কৰিছে। তেওঁ কয়, “উত্তৰ-পূৰ্বাঞ্চলৰ থলুৱা সম্প্ৰদায়সমূহক সবলীকৰণ কৰাৰ লগতে যুৱ প্ৰজন্মৰ বাবে অধিক সুযোগ সৃষ্টি কৰিবলৈ নেচনেল পিপলছ পাৰ্টি সদায় দায়বদ্ধ।” চাংমাই নিজৰ ভাষণত ‘এক উত্তৰ-পূব’ ধাৰণাটোৰ পুনৰাবৃত্তি কৰি সকলো থলুৱা সম্প্ৰদায়ক ঐক্যবদ্ধভাৱে কাম কৰিবলৈ আহ্বান জনায়। Share this:FacebookX Related Post navigation ডাউন টাউন হস্পিটালৰ মেগা হেল্থ মেলা ২০২৬ উদ্বোধন প্ৰখ্যাত বাতৰি পৰিৱেশিকা সৰলা মহেশ্বৰীৰ দেহাৱসান! অন্ত পৰিল সংবাদ জগতৰ এক সোণালী যুগৰ