গণতান্ত্ৰিক বিতৰ্ক আৰু ৰাজনৈতিক সমালোচনাৰ পৰা আঁতৰি আইনী যুঁজৰ আশ্ৰয় লোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আজি তীব্ৰ ভাষাৰে সমালোচনা কৰে সাংসদ গৌৰৱ গগৈয়ে। বিৰোধীৰ কণ্ঠৰোধ কৰাৰ উদ্দেশ্যে শাসনাধিষ্ঠ দলটোৱে আদালতক ঢাল হিচাপে ব্যৱহাৰ কৰা বুলি অভিযোগ উত্থাপন কৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতিগৰাকীয়ে মুখ্যমন্ত্ৰীক ৰাজনৈতিকভাৱে সন্মুখৰ পৰা যুঁজ দিবলৈ আহ্বান জনায়। বৃহস্পতিবাৰে সংবাদ মাধ্যমৰ আগত দিয়া এক বিবৃতিত গগৈয়ে মুখ্যমন্ত্ৰীৰ গণতান্ত্ৰিক মূল্যবোধৰ ওপৰত সন্দেহ প্ৰকাশ কৰি অসমৰ জনসাধাৰণেই সকলো বিষয়ৰ চূড়ান্ত বিচাৰ কৰিব বুলি মন্তব্য কৰে।

গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰীক উদ্দেশ্যি প্ৰশ্ন উত্থাপন কৰি কয়, “তেওঁ এজন ৰাজনীতিবিদ নহয় নেকি? ৰাইজৰ আদালতৰ ওপৰত তেওঁৰ বিশ্বাস নাই নেকি?” শাসকীয় পক্ষই আইনী প্ৰক্ৰিয়াৰে দুই-তিনিজন নেতাক বাধা দিব পাৰিলেও অসমৰ সজাগ জনসাধাৰণক বিপথে পৰিচালিত কৰিব নোৱাৰে বুলি তেওঁ দৃঢ়তাৰে মত প্ৰকাশ কৰে। আদালতৰ চাৰিবেৰৰ পৰিৱৰ্তে জনতাৰ মাজত থাকি ৰাজনৈতিক যুঁজ দিয়াৰ ওপৰত গুৰুত্ব আৰোপ কৰি গগৈয়ে কয় যে তেওঁ ৰাজপথত যুঁজ দিব বিচাৰে, আদালতত নহয়।

মুখ্যমন্ত্ৰীগৰাকী বিৰোধীৰ কণ্ঠস্বৰলৈ “ভীত আৰু শংকিত” হৈ পৰা বুলিও সাংসদগৰাকীয়ে দাবী কৰে। শেহতীয়া ৰাজনৈতিক বাকযুদ্ধৰ প্ৰসংগ টানি তেওঁ কয় যে তেওঁৰ বিৰুদ্ধে বিদেশীৰ সৈতে সম্পৰ্ক থকাৰ দৰে গুৰুতৰ মিছা অভিযোগ উত্থাপন কৰা হৈছে। তেওঁ ইচ্ছা কৰিলে ওলোটাই আইনী গোচৰ তৰিব পাৰিলেহেঁতেন যদিও ৰাইজৰ বিবেকৰ ওপৰত বিশ্বাস ৰাখি তেনে পথ লোৱা নাই বুলি স্পষ্ট কৰে। “আমিও গোচৰ তৰিব পাৰোঁ, কিন্তু মই সেই পথেৰে যাব নিবিচাৰোঁ” বুলি উল্লেখ কৰি তেওঁ মুখ্যমন্ত্ৰীক সাহস থাকিলে সন্মুখৰ পৰা ৰাজনৈতিক যুঁজত অৱতীৰ্ণ হ’বলৈ প্ৰত্যাহ্বান জনায়।

Leave a Reply

Your email address will not be published. Required fields are marked *